নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত বৃহৎ অঘটন...

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত বৃহৎ অঘটন...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত বৃহৎ অঘটন...

ডিজিটেল ডেস্কঃ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন। বান্ধটোৰ সোঁ পাৰৰ পাহাৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত ১ নং ডাইভাৰ্চন টানেল পুনৰ মুকলি কৰা হৈছে।

উল্লেখ্য যে, মূল বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত ডাইভাৰ্চন টানেল কেইটা বন্ধ কৰি দিয়া হৈছিল। শুকুৰবাৰে পুনৰ ভূমিস্খলন হোৱাত ১ নং ডাইভাৰ্চন টানেলৰ বান্ধৰ দুৱাৰ পুনৰ মুকলি হৈ যায়।

উল্লেখ্য যে, এই স্থানত পূৰ্বেও সংঘটিত হৈছিল ভূমিস্খলন। এই অংশত এতিয়া সৃষ্টি হৈছে বৃহৎ সুৰংগ। আনহাতে ভৱিষ্যতে টানেল থকা পাহাৰ অংশ কেইটাত টানেলৰ সৈতে ভূমিস্খলনত বহি যোৱাৰ আশংকা কৰা হৈছে।

Also Read: চীনৰ এছিয়ান গেমছত পদক জয়ৰ বাবে সাজু ৭ অসমীয়া...

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প