এই নতুনত্ব কেৱল কেলেণ্ডাৰৰ নহকও, এই নতুনত্ব হওক মানুহৰ চিন্তা, চেতনাৰ...

এই নতুনত্ব কেৱল কেলেণ্ডাৰৰ নহকও, এই নতুনত্ব হওক মানুহৰ চিন্তা, চেতনাৰ...
এই নতুনত্ব কেৱল কেলেণ্ডাৰৰ নহকও, এই নতুনত্ব হওক মানুহৰ চিন্তা, চেতনাৰ...

ডিজিটেল ডেস্কঃ আশা, প্ৰত্যাশাৰে এটা নতুন পুৱা। নতুন দিনৰ আৰম্ভণি। সফলতা, বিফলতা, প্ৰাপ্তি, অপ্ৰাপ্তি, আনন্দ, বিষাদ, পোৱা, নোপোৱাৰ মাজেৰে ২০২২ বৰ্ষটো শেষ কৰি ২০২৩ ত ভৰি দিছো। নৱ বৰ্ষৰ প্ৰথমটো দিনত এতিয়া কেৱল মগজুত যোগাত্মক চিন্তা। মনত নতুন আশা, প্ৰত্যাশা।

এৰি অহা সময়ত নোপোৱাবোৰক লৈ এতিয়া দুখ কৰি বহি থকাৰ সময় নহয়। অধিক ধ্যান, একাগ্ৰতাৰে বিচৰাবোৰ নিজৰ কৰাৰ বাবে কঠোৰ সাধনা কৰাৰ পণ লোৱাৰ সময় এয়া। যোগাত্মক চিন্তা, চেতনাৰে নিজকে নতুনৰ বাবে সাজু কৰি তোলাৰ সময়।

পোৱা, নোপোৱাৰ হিচাপ ইতিমধ্যে হৈ গৈছে। এতিয়া কেৱল নতুনকৈ সজোৱাৰ সময়। এৰি অহা সময়ত ব্যক্তিগত ভাৱেই হওক, সামাজিক ভাৱেই হওক আমি বহু পালো, বহু হেৰুৱালো। ঋণাত্মক খবৰৰ মাজতেই আমি পালো বহু যোগাত্মক খবৰ।

তাৰ মাজতেই নিজকে সময়ৰ সৈতে মিলাই আমি কাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি আহি আজিৰ পৰ্যায়ত উপনীত হৈছে। একেদৰেই আগবাঢ়ি যাব লাগিত ভৱিষ্যতৰ দিশে।

নৱ বৰ্ষৰ প্ৰথমটো পুৱাত নাপাতো কোনো ঋণাত্মক কথা। আহক কেৱল যোগাত্মক চিন্তাৰে নিজকে ভৱিষ্যতৰ ভাৱে সাজু কৰো। কি ৰাজনীতি, অৰ্থনীতি সকলোতে থাকক আদৰ্শৰ প্ৰেৰণা, প্ৰাপ্তিৰ আকাংক্ষা। সমাজ থাকক ভাতৃত্ববোধ।

সৱল হওক একতাৰ এনাজৰী। সংস্কৃতিত থাকক সৃষ্টিৰ তাড়না। ভাষা, সাহিত্যই দিয়ক জাতিক জীৱনী শক্তি। ক্ৰীড়াই আনক শান্তিৰ পথেৰে প্ৰগতি।

সকলোৰে উৰ্ধত আহক আমি নিজকে ব্যক্তিৰ পৰা মানুহলৈ নিজকে ৰূপান্তৰ কৰাৰ চেষ্টা কৰোঁ। মানৱীয় চিন্তা, চেতনাৰে নিজকে নতুন ৰূপত গঢ়ি তোলাৰ কচৰৎ কৰোঁ। ইয়াতকৈ আৰু নতুনক আদৰাৰ বাবে পৃথকৈ কি প্ৰস্তুতি লাগে?

সময়ৰ সৈতে আমি নিজকে মিলাই আগুৱাই যাব লাগিব। এৰি অহা সময়ৰ নোপোৱাখিনিৰ বেদনাত দগ্ধ হৈ থকাৰ বিপৰীতে যিখিনি পালো সেইখিনিকেই সম্বল কৰি সময়ৰ সৈতে আগবাঢ়ি নিজকে সুখী কৰি তোলাৰ চেষ্টা কৰো।

আহক সকলোৱে জনাও নতুনক স্বাগতম। এজনে আনজনক জনাও নতুনৰ শুভেচ্ছা। এই নতুনত্ব কেৱল কেলেণ্ডাৰৰ নহওক। এই নতুনত্ব হওক মানুহৰ চিন্তা, চেতনাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in