'শিক্ষাব্ৰতী মহেন্দ্ৰ নাথ গোহাঁই' শীৰ্ষক গ্ৰন্থ উন্মোচন...

'শিক্ষাব্ৰতী মহেন্দ্ৰ নাথ গোহাঁই' শীৰ্ষক গ্ৰন্থ উন্মোচন...
'শিক্ষাব্ৰতী মহেন্দ্ৰ নাথ গোহাঁই' শীৰ্ষক গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ গুৱাহাটীঃ 'শিক্ষাব্ৰতী মহেন্দ্ৰ নাথ গোহাঁই' শীৰ্ষক এখন স্মৃতিচাৰণ গ্ৰন্থ আজি উন্মোচন কৰা হয়। পুত্ৰ তথা বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে সম্পাদনা কৰি উলিওৱা এই গ্ৰন্থখন আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড০ অমৰজ্যোতি চৌধুৰীয়ে।

আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ লেখক ড০ চৌধুৰীয়ে কয় যে, শিক্ষাব্ৰতী মহেন্দ্ৰনাথ গোহাঁই এগৰাকী নীতিনিস্থ ব্যক্তি আছিল। নীতিনিষ্ঠ ভাৱেই তেওঁ আছিল অত্যন্ত কঠোৰ। যি নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেয়া মহেন্দ্ৰ নাথ গোহাঁয়ে গ্ৰহণ কৰিব বিচৰা নাছিল।

ড০ চৌধুৰীয়ে পুনৰ কয়, আমি যেতিয়া স্কুলত পঢ়ো, তেতিয়া অসমৰ চুকে কোণে এচাম ন্যায়নিষ্ঠ মানুহক দেখিছিলো। অতি সাধাৰণ জীৱন যাপনেৰে সকলো কাম এইসকল লোকে নিয়াৰিকৈ কৰি গৈছিল।

তেনে এজন ব্যক্তি আছিল মহেন্দ্ৰ নাথ গোহাঁই। এইগৰাকী মানুহৰ জীৱন বৃতান্ত প্ৰকাশ কৰি উলিওৱা মুখৰ কথা নহয়। পিতৃ পুৰুষৰ প্ৰতি আমি কেনেদৰে শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে তাৰ এক উতকৃষ্ঠ উদাহৰণ হ'ল আজি উন্মোচিত হোৱা গ্ৰন্থখন।

বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে পুনৰ কয় যে, মহেন্দ্ৰনাথ গোহাঁই আছিল অসাধাৰণ মেধা মানুহ। অংক, ইংৰাজীত তেওঁৰ মেধাৰ কথা উত্তৰ গুৱাহাটীৰ মানুহৰ মুখে মুখে আছিল। নীতিৰ পৰা বিচ্যুত নোহোৱাকৈ গোহাঁয়ে জীৱন যাপন কৰিছিল।

ড০ হীৰেন গোহাঁয়ে আজিৰ উন্মোচিত হোৱা গ্ৰন্থখনত উল্লেখ কৰাৰ দৰে ক'ব পাৰি, মহেন্দ্ৰনাথ গোহাঁই এজন অসাধাৰণ সাধাৰণ মানুহ আছিল। ভাষণ প্ৰসংগত ড০ চৌধুৰীয়ে শিক্ষাব্ৰতী মহেন্দ্ৰনাথ গোহাঁই শীৰ্ষক ১০৮ পৃষ্ঠাৰ কিতাপখনে সেই সময়ৰ সমাজখনক তুলি ধৰিছে বুলি ব্যক্ত কৰে।

তেওঁ কয়, ইমান পৰিসৰত এজন মানুহৰ জীৱন যাত্ৰা চিন্তা গ্ৰন্থখনত প্ৰতিফলিত কৰা হৈছে। এয়া ড০ হীৰেন গোহাঁইৰ কৃতিত্ব। আমি এই গ্ৰন্থখন সকলোৱে পঢ়িব লাগে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি পুত্ৰ তথা বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁয়ে কয়, প্ৰায় ৫০ বছৰ পূৰ্বে মোৰ দেউতা মহেন্দ্ৰ নাথ গোহাঁই ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল। দেউতাৰ বিষয়ে এখন সংকলন উলিওৱাৰ বাবে কেইবাবাৰো প্ৰচেষ্টা চলাই বিফল হৈছিলো।

নানান সমস্যাৰ বাবে সেয়া হৈ নুঠিল। তদুপৰি মহেশ্বৰ নেওগকে ধৰি দেউতাৰ যি কেইজন ছাত্ৰ আছিল তেওঁলোকৰো মৃত্যু হৈছিল। ফলত অ'ৰ ত'ৰ পৰা প্ৰবন্ধ গোটালো আৰু আজিৰ গ্ৰন্থখন উন্মোচন হ'ল।

ভাষণ প্ৰসংগত উন্মোচনক ড০ অমৰ জ্যোতি চৌধুৰীক ভূয়সী প্ৰশংসা কৰে ড০ গোহাঁয়ে। তেওঁ কয় যে, কোনো উগ্ৰতা নোহোৱাকৈ এটা মৃদু চৰিত্ৰৰে কাৰো লগত বিবাদ সংঘাত নোহোৱাকৈ এটা নীতিৰ প্ৰতি আস্থা বজাই ৰাখে ড০ অমৰজ্যোতি চৌধুৰীয়ে ।

বাকীসকল মানুহেও এই গুণ ল'লে সমাজখন ভাল হ'ব বুলি ব্যক্ত কৰে ড০ গোহাঁয়ে। গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট বাওঁপন্থী নেতা হেমেন দাসে পুৰণি স্মৃতি ৰোমণ্ঠন কৰি কয়, মহেন্দ্ৰনাথ গোহাঁই আছিল সেই সময়ত ডি আই।

তেওঁ বৰপেটাৰ পৰা সৰভোগলৈ চাইকেল চলাই বিদ্যালয় চাবলৈ আহিছিল। মোৰ পিতৃ আছিল এগৰাকী এল পি স্কুলৰ শিক্ষক। সেই সূত্ৰে ডি আই গোহাঁয়ে চাইকেল চলাই স্কুলৰ কামত আমাৰ ঘৰলৈ আহিছিল।কৰ্তব্য পৰায়ণ এনে এজন ব্যক্তিৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বাবে ধন্যবাদ জনাই বাওঁপন্থী নেতা হেমেন দাসে।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক নিত্য বৰাই কয় যে, সমাজৰ পৰা নীতি নিষ্ঠতা একেবাৰে শেষ হৈ যোৱা নাই। কিন্তু অৱক্ষয় ভয়ংকৰ ধৰণে হৈছে। আগৰ সেই সমাজখন নাই।

১৯৮০ চনৰ পিছৰ অসমখন হয়তো মহেন্দ্ৰ নাথ গোহাঁয়ে চাব নোৱাৰিলে হয়। ৮০ চনৰ পিছৰ অসম আৰু তাৰ আগৰ অসমৰ মাজত ব্যাপক প্ৰাৰ্থক্য আছে বুলি উল্লেখ কৰা বৰাই আগৰ সেই মূল্যবোধ বিলাক হেৰাই গ'ল।

এনে সময়ত বছৰৰ শেষ দিনটোত এজন নীতিনিষ্ঠ মানুহক মনত পেলাই এক অনুষ্ঠান হোৱাটো ডাঙৰ কথা। চলিত বৰ্ষটোত মোৰ দৃষ্টিত দুটা ডাঙৰ ভাল কাম হৈছে। এটা হৈছে জ্যোতি প্ৰসাদৰ লভিতা নাটকৰ বিকৃত উপস্থাপনৰ বিৰুদ্ধে সৱল প্ৰতিবাদ আৰু আনটো হৈছে শিক্ষাব্ৰতী মহেন্দ্ৰনাথ গোহাঁইৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ।

সভাত বিশিষ্ট গল্পকাৰ, লেখক দেৱব্ৰত দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, শিক্ষাবিদ আকুল মান্নানকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ৰাণী গোহাঁয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in