/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d0c8bc73-9b18-4a55-a8f9-b59af0706d34/AP_FOR_WEB_heatwave.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ হোৱা পাছতে বিপৰ্যস্ত হৈ পৰিছে জনজীৱন। গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ (মঃ)ত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা দিয়া হৈছে।
জানিব পৰা মতে, প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ,মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১ বজালৈ কৰাৰ নিৰ্দেশা প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, এই নিৰ্দেশনা ২৭ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ শিক্ষা বিভাগে প্ৰদান কৰিছে। সকলো জিলাৰ আয়ুক্তলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশ দিয়া হৈছে। একমাত্ৰ গ্রীষ্ম প্রবাহৰ বাবে বিদ্যালয়ৰ সময়সূচী আগতীয়া কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।
Also Read: লোকসভা নিৰ্বাচন ২০২৪ঃ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থী কোন কোন?