/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/24cf015a-d434-4532-bb77-fc4c00a4e9d0/02.jpg)
ডিজিটেল ডেস্কঃ আজি দেশত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত অনুষ্ঠিত হৈছে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী ৰথী-মহাৰথীৰ।
ভাগ্য নিৰ্ণয় হ’ব সুষমা স্বৰাজ তনয়া বানছুৰী স্বৰাজৰ। বিজেপিৰ নৱ প্ৰজন্মৰ বাকপটু নেত্ৰীগৰাকীয়ে নতুন দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে বানছুৰী স্বৰাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে আন এগৰাকী হেভীৱেট প্ৰাৰ্থী তথা আপৰ নেতা সোমনাথ ভাৰতীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/73f207f9-5b95-49c8-a1b9-edae8886de16/download.jpg)
উত্তৰ-পূব দিল্লী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আন দুগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে। সমষ্টিটোত বিজেপিক প্ৰতিনিধিত্ব কৰিছে মনোজ তিৱাৰীয়ে। বিপৰীতে মনোজ তিৱাৰীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰে।
ভাগ্য নিৰ্ণয় হ’ব বিজেপি প্ৰাৰ্থী তথা ভূতপূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীৰ। উত্তৰ প্ৰদেশৰ ছুলটানপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কিৰছে মানেকা গান্ধীয়ে। এই সমষ্টিটো ২০১৪ৰ নিৰ্বাচনৰে পৰা বিজেপিৰ দখলত আছে। একেটা সমষ্টিতে মানেকা গান্ধীয়ে নৱম বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। মানেকা গান্ধীক প্ৰত্যহ্বান জনাইছে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰামভূৱাল নিষাদে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/54817772-d18f-47df-973e-f643ec29fdf1/03.jpg)
উল্লেখযোগ্য যে, পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ ৮টা সমষ্টি, হাৰিয়ানা ১০টা সমষ্টি, জম্মু কাশ্মীৰৰ ১টা সমষ্টি, ঝাৰখণ্ডৰ ৪টা সমষ্টি, দিল্লীৰ ৭টা সমষ্টি, ওড়িশাৰ ৬টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টি, আৰু পশ্চিম বংগৰ ৮টা সমষ্টিত ভোটগ্ৰহণ হৈছে।
Also Read: ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ভোটাধিকাৰ সাব্যস্ত কৰিলে ড০ এছ জয়শংকৰ,বানছুৰী স্বৰাজে..