মিজোৰামত ৩কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

মিজোৰামত ৩কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

author-image
Asomiya Pratidin
New Update
মিজোৰামত ৩কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান‌ অব্যাহত অসম ৰাইফলছ, আৰক্ষী, আবকাৰী আৰু কেন্দ্ৰীয় শুল্ক বিভাগৰ। মিজোৰামৰ লুংলে আৰু চাম্পাই জিলাত পৃথক অভিযান চলাই জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ'ইন আৰু বিদেশী চিগাৰেট।

অসম ৰাইফলছ আৰু আবকাৰী বিভাগে লুংলে জিলাৰ ৰাচী ভেং এলেকাত অভিযান চলাই হেৰ'ইন ভৰ্তি ৪০টা চাবোনৰ বাকচ জব্দ কৰে।‌ বাকচ কেইটাৰ পৰা মুঠ ৪৮৩.৯৮ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩ কোটি ৩৮ লাখ টকা।

নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, অসম ৰাইফলছ, আৰক্ষী আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ ৰুটলাঙ এলেকাত যুটীয়া অভিযান চলাই ১৫১ কাৰ্টন বিদেশী চিগাৰেট আৰু ২৬ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা সামগ্ৰী খিনিৰ মূল্য প্ৰায় ২কোটি ১৪ লাখ টকা।

Also Read: প্ৰথমখন কেবিনেট সামৰি ইটালীলৈ ৰাওনা হ'ব মোডী

HEROIN SEIZED MIZORAM POLICE assam rifles mizoram