Advertisment

ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিৰ দায়িত্বভাৰ গ্ৰহণ...

সভাত আনুষ্ঠানিকভাৱে নৱ নিৰ্বাচিত সভাপতি ভাস্কৰ সভাপণ্ডিত আৰু সাধাৰণ সম্পাদক গৌতম পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ সভাৰ অন্তত নতুন সমিতিখনে বিয়লি ৩ বজালৈ প্ৰথমখন কাৰ্য্যনিবাহক সভা সম্পন্ন কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিয়ে বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ এই উপলক্ষে বিদায়ী জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্যে ব্যাখ্যা কৰে বিদায়ী সাধাৰণ সম্পাদক জীৱন কোঁৱৰে ৷ সভাত জিলা সাংবাদিক সংস্থাৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । 

Advertisment

উক্ত সভাত জিলা সাংবাদিক সংস্হাৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকা , অসম বাৰ্তাজীৱী সংঘৰ কাৰ্য্যনিবাহক সদস্য তথা ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, চিলাপথাৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা ভূৱন দাস, চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্ত, গোগামুখ প্ৰেছ ক্লাৱৰ সভাপতি হেমচন্দ্ৰ বৰদেউৰী, চিলাপথাৰ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক মোহন পাংগিং, চিলাপথাৰ প্ৰেছ ক্লাৱৰ উপ-সভাপতি বৃষ্টি পাংগিং আৰু মাছখোৱা প্ৰেছ ক্লাৱৰ সম্পাদক মিন্টু শইকীয়াকে ধৰি বহুকেইগৰাকীয়ে বক্তব্য ৰাখে ৷ 

সভাত আনুষ্ঠানিকভাৱে নৱ নিৰ্বাচিত সভাপতি ভাস্কৰ সভাপণ্ডিত আৰু সাধাৰণ সম্পাদক গৌতম পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ সভাৰ অন্তত নতুন সমিতিখনে বিয়লি ৩ বজালৈ প্ৰথমখন কাৰ্য্যনিবাহক সভা সম্পন্ন কৰে । নৱ নিৰ্বাচিত জিলা সাংবাদিক সংস্হাৰ সভাপতি ভাস্কৰ সভাপণ্ডিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক গৌতম পেগুৱে।

ধেমাজি