/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c96e0601-f115-4e22-8fb4-4bf560d453fb/america_23.jpg)
আমেৰিকাৰ প্ৰবাসী অসমীয়া কিশোৰে পাহৰা নাই শিপা, মুকলি কৰিলে অসমীয়া গীত...
ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত প্ৰবাসী অসমীয়াৰ অসমীয়াগিৰী! যিসময়ত অসমতে অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি একাংশৰ অনিহা আহিছে, এইবোৰৰ চৰ্চাৰ পৰা নিজকে আঁতৰাই পশ্চিমীয়া সংস্কৃতিক আদৰি লৈছে সেই সময়তে এগৰাকী ১৬ বছৰীয়া অসমীয়া যুৱক অশ্বিন হাজৰিকাই আমেৰিকাত অব্যাহত ৰাখিছে মাতৃভাষাৰ চৰ্চা।
বিদেশৰ চৌপাশে ঢুকি নোপোৱা, তেজত থলুৱা মাটিৰ গোন্ধ প্ৰবাহিত, পিতৃ কৃষ্ণ হাজৰিকা আৰু মাতৃ অঞ্জনা বৰদলৈৰ সৈতে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী অশ্বিনৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি আবেগ জন্মলগ্নৰে পৰা সঞ্চিত। আমেৰিকাৰ বিভিন্ন মঞ্চত ৪ বছৰ বয়সৰ পৰাই তেওঁ অসমীয়া ভাষাত গীত পৰিৱেশন কৰি প্ৰবাসী অসমীয়া হৈ কিদৰে নিজৰ মাতৃভাষাক সন্মান জনাব পাৰি তাক প্ৰমাণিত কৰি আহিছে।
সংগীতৰ প্ৰতি আগ্ৰহী অশ্বিনৰ বহুদিনীয়া সপোন আছিল অসমীয়া ভাষাত নিজৰ গীত এটি মুকলি কৰাৰ। সেই সপোনৰ পম খেদি ২৩ অক্টোবৰত নিজৰ ১৭ বছৰীয়া ওপজা দিনটোতে অশ্বিনে নিজা ইউটিউব চেনেল @AshwinOutbreak ৰ জৰিয়তে মুকলি কৰিছে ৰাহুল গৌতম শৰ্মাৰ কলমত প্ৰাণ পাই উঠা "কেঁচা সোণ" নামৰ গীতটি।
গীতটিৰ সংগীত প্ৰবন্ধক সুদৰ্শন, সংগীত মিশ্ৰণ কৰিছে ইবছন লাল বৰুৱাই। ইয়াৰ উপৰি ভিডিঅ' পৰিচালনা কৰিছে ৰোহন ভিৰ্দিয়ে। বিদেশী মাটিত মাতৃভাষাৰ গোন্ধ বিয়পাই অশ্বিনে এই গীতটিৰ মাজেৰে লৈ আহিছে তেওঁৰ প্ৰতিভাৰ অনন্য সংস্কৰণ।
Also Read: বাংলাদেশত দুখন ৰে'লৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ১৩ জনৰ মৃতদেহ উদ্ধাৰ...