১১০ বছৰীয়া ভোগালী বিহু উদযাপনক লৈ উদুলি মুদুলি নেহৰুবালি...

১১০ বছৰীয়া ভোগালী বিহু উদযাপনক লৈ উদুলি মুদুলি নেহৰুবালি...
১১০ বছৰীয়া ভোগালী বিহু উদযাপনক লৈ উদুলি মুদুলি নেহৰুবালি...

ডিজিটেল সংবাদ নগাঁও: উদুলি মুদুলি নগাঁৱৰ নেহৰুবালি ৷ ১১০ বছৰীয়া ভোগালী বিহু আৰম্ভ হ’ল নেহৰুবালিত ৷ পৰম্পৰা অক্ষুন্ন ৰাখি সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত ১৪ জানুৱাৰীৰ পৰা নেহৰুবালিত ভোগালী উৎসবটি আৰম্ভ হৈছে ৷

১৯ জানুৱাৰীলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে উপযাপন কৰিব নগঁঞা ৰাইজে বিহুৰ কাৰ্যসূচী ৷ ১৪ জানুৱাৰীৰ বিয়লি জনগোষ্ঠীয় খাদ্য মেলাৰ আৰু আত্মসহায়ক গোটৰ বিপণী মুকলিৰে এই বেলি ১১০তম ভোগালীৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

সন্ধ্যালৈ ভেলাঘৰত হয় নামকীৰ্ত্তন ৷ ১৫ জানুৱাৰীৰ পুৱা ৰাজ্যিক শিশু, নাৰীগৃহ আৰু শংকৰ মিশ্যনত বিহুৰ জলপান বিতৰনৰে কাৰ্যসূচী আৰম্ভ হব ৷

বিহুৰ পতাকা উত্তোলনৰ পিছতে মেজি প্ৰজ্বলন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তিসকলে ৷ চহৰখনৰ বয়োজ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন আৰু জলপান গ্ৰহণ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ হিমা দাসে নিশা বিহুৰ কাৰ্যসূচীত ভাগ ল'ব ৷ ১৬ জানুৱাৰীত চাইকেল চালনা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত, আধুনীক গীতৰ প্ৰতিযোগিতা, দিবা নৈশ্য ভলীবল প্ৰতিযোগিতা, ৰাজহুৱা প্ৰীতিমেল, অসম কুৱৰী বিহু নাচ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

১৭ জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলনৰ পিছতে কবিতা আবৃত্তি , পিঠাপনা , একাংক নাট প্ৰতিযোগিতা আৰু নিশালৈ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

১৮ জানুৱাৰীত খগেন মহন্তৰ গীতৰ প্ৰতিযোগিতা , ৰাভা সংগীত প্ৰতিযোগিতা , সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা, পৰম্পৰাগত সাজ পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ নিশালৈ বিপিন চাউদাঙে গীত পৰিবেশন কৰিব ৷

১৯ জানুৱাৰীত উৰুলি , বিয়ানাম , বিহুগীত , থলুৱা খাদ্য প্ৰতিযোগিতা আৰু নিশালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ নেহৰুবালিত ভোগালী বিহু উপলক্ষে মেজি সজা আৰু ভেলাঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে ৷

নিৰ্মাণ কৰি থকা হৈছে গ্ৰাম্য জীৱনৰ প্ৰতিছবি ৷ ইফালে বিহু বুলি বিহুতলিত বিভিন্ন খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনৰ আত্মসহায়ক গোটসমূহে বিহুৰ জলপান , পিঠাৰ সুন্দৰ বজাৰ বহুৱাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in