/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a8025843-442a-4643-aa48-b8d338919b55/AP FOR WEB neet ug.png)
ডিজিটেল ডেস্কঃ NEET-UG পৰীক্ষাক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে। পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা। এই ৰায় প্ৰদান কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে। সমগ্র পৰীক্ষা নাকচ কৰিব পৰাকৈ কোনো তথ্য নাই বাবে পৰীক্ষা বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।
পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো ন্যায়সংগত নহয় বুলিও উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে। NTA-এ দাখিল কৰা সকলো তথ্য ন্যায়ালয়ে স্বাধীনভাৱে নিৰীক্ষণ কৰি এই ৰায় প্ৰদান কৰিছে।
কেৱল দুটা স্থানতহে প্রশ্নকাকত ফাদিল হোৱাৰ বাবে সমগ্র পৰীক্ষাটোতে বিসংগতি হোৱা বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। বিহাৰৰ পাটনা আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত প্ৰশ্নকাকত ফাদিল হৈছিল। ইয়াৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ কৰা প্ৰয়োজন যে, এইবছৰৰ নীট পৰীক্ষাত ২৪লাখৰো অধিক শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল। কিন্তু এই পৰীক্ষাত নানান অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উঠি সমগ্ৰ দেশত এই পৰীক্ষাৰ স্বচ্ছতাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল। বিষয়টোৰ সন্দৰ্ভত অৱশেষত হস্তক্ষেপ কৰিছিল উচ্চতম ন্যায়ালয়েও। অৱশেষত ৰায় প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।
Also Read: মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব বঢ়মপুৰৰ ৫ কিশোৰীয়ে...