মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব বঢ়মপুৰৰ ৫ কিশোৰীয়ে...

মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব বঢ়মপুৰৰ ৫ কিশোৰীয়ে...

author-image
Asomiya Pratidin
New Update
মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব বঢ়মপুৰৰ ৫ কিশোৰীয়ে...

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ ৫গৰাকী কিশোৰী নৃত্যৰ ক্ষেত্ৰখনত উজ্বলি উঠিছে। এই কিশোৰী কেইগৰাকীয়ে বিভিন্ন স্থানত হোৱা নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হৈছে।

Advertisment

১৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত হৈ থকা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি সংগম নৃত্য প্ৰতিযোগিতাত এই ৫গৰাকী কিশোৰীয়ে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই কিশোৰী কেইগৰাকী হ'ল -বঢ়মপুৰৰ নটৰাজ নৃত্য বিদ্যালয়ৰ কৃষ্টিৰেখা খাকলাৰী আৰু ডলি দাস, স্বৰগম ডান্স স্কুলৰ ক্ৰমে - স্নেহা কাশ্যপ , ভাগ্যশ্ৰী কলিতা আৰু প্ৰণামী শইকীয়া।

১৯ জুলাইত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ৫গৰাকীয়েই শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই সূত্ৰেই, এই পাঁচগৰাকী নৃত্য শিল্পীয়ে অক্টোবৰত মুম্বাইত হ'ব লগা "সংস্কৃতি সংগম" নৃত্য প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। এই নৃত্য শিল্পী কেইগৰাকীৰ সাফল্যই বঢ়মপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, এই পাঁচগৰাকীসহ নৃত্য বিদ্যালয় দুখনৰ পৰা প্ৰতিযোগিতাত ১২ গৰাকীয়ে অংশগ্ৰহণ কৰে। আন ৭গৰাকীয়েও পুৰস্কাৰ লাভ কৰে। বিদ্যালয় দুখনৰ শিক্ষয়িত্ৰী প্ৰাপ্তিলিকা কলিতাই প্ৰতিযোগিতাৰ অনুষ্ঠানত 'নৃত্য শিৰোমণি ' সন্মান লাভ কৰে বুলি জানিব পৰা গৈছে ।

Also Read: নগাঁও বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত পীযুষ হাজৰীকা...

brahampur