/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8f2c24e5-ed17-41bf-9ea6-c3d3f033e0c5/3.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উত্তৰ পূব ভাৰতৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠনৰ এন ই এ আই ডি(NEAID)ৰ উদ্যোগত সমগ্র শিক্ষা অভিযান, মৰিগাৱঁৰ সহযোগত বৃহস্পতিবাৰে "ক্ষুদ্ৰ উন্নয়ন কাৰ্যসূচী" শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰা হয়। মৰিগাঁও জিলাৰ কপিলী ব্লকৰ অন্তৰ্গত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠাত টি এল এম কৰ্ণাৰ(শিক্ষণ কোণ) স্থাপনৰ ওপৰত মৰিগাঁও জিলাৰ প্ৰধান শিক্ষকসকলৰ অভিমুখীতা "ক্ষুদ্ৰ উন্নয়ন কাৰ্যসূচী" সম্পন্ন হয়।
মৰিগাঁও জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া। "শিক্ষণ কোণ (TLM Corners) হৈছে এক শক্তিশালী স্থান যিয়ে শিক্ষাৰ্থীসকলৰ সমালোচনাত্মক চিন্তাধাৰা, সমস্যাৰ সমাধান, ধৈৰ্য্য, যোগাযোগ, অপেক্ষা কৰা, শব্দভাণ্ডাৰ আৰু সামাজিক দক্ষতাৰ উন্নতি সাধন কৰে।" বুলি ভাষন প্ৰদান কৰে অপূৰ্ব ঠাকুৰীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/de99607c-45ae-44bd-96bf-3bfa197440ad/08b5b1b0-3b30-4a29-8bfa-ffcc30e067fe.jpg)
এন ই এ আই ডিৰ ষ্টেম প্ৰশিক্ষক তথা জেষ্ঠ সাংবাদিক দিব্য জ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ইশিতা দেৱে। "কণকণ শিশুসকলক সংখ্যা আৰু ভাষা জ্ঞান শুদ্ধৰূপত শিকি জীৱন আগবঢ়াই নিয়াৰ লগতে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ আগবঢ়াই নিয়াৰ পোষকতা কৰি সৰু সৰু খোজেৰে আগবাঢ়িলেহে সফলতা লাভ কৰিব।" বুলি মত প্ৰকাশ কৰে ইশিতা দেৱে।
জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জোণাৰানী ভাগৱতী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সুৰেশ সৰকাৰ, সমগ্ৰ শিক্ষা অভিযানৰ মৰিগাঁও জিলা প্ৰালোচক বৰষা বৰা, এন ই এ আই ডিৰ কৰ্মকৰ্তা ক্ৰমে অনুৰাগ কৰ, নাছৰিন চুলতানা ইছলাম, শৰ্বানী পাল, স্বাগতা বৰা, সুস্মিতা বৰা, ইক্ৰামূল হুছেইন, চিন্ময় বৰা অমৃতা ভট্টাচাৰ্যকে আদি কৰি কেইবাগৰাকী ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকে। এই অনুষ্ঠানটোতে শিক্ষক শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত টি এল এম কৰ্ণাৰ(শিক্ষণ কোণ) স্থাপনৰ বিষয়ে হাতে কামে কৰি উপস্থাপন কৰে।
Also Read: ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছেঃ হেমন্ত কুমাৰ কলিতা