ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছেঃ হেমন্ত কুমাৰ কলিতা

ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছেঃ হেমন্ত কুমাৰ কলিতা

author-image
Asomiya Pratidin
New Update
ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছেঃ হেমন্ত কুমাৰ কলিতা

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ ৰাভাই অসমীয়া জাতিক জীয়াই থকাৰ অমোঘাস্ত্ৰ দি গৈছে। নহ'লে অসমীয়াই আজি সাহিত্য, সংস্কৃতি ,,নৃত্য , গীত , আদিৰ লগতে স্বাধীনভাৱে জীয়াই থকাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সাহস আদি প্ৰতিটো ক্ষেত্ৰতে সৰ্বদিশত থৰক-বৰক হ'লহেঁতেন। পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল )ই বৃহস্পতিবাৰে অনুষ্ঠিত কৰে সৈনিক শিল্পী, কলাগুৰু, মহান অসমীয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। এই দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অৱসৰী যুটীয়া কৃষি সঞ্চালক তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য হেমন্ত কুমাৰ কলিতাই ৰাভাদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Advertisment

ইয়াৰ আগেয়ে ৰাভাদেৱৰ প্ৰতিছবিত সন্মুখত অসম সাহিত্য সভাৰ আজীৱন সভ্য , ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক নলিনী শৰ্মাই বন্তি প্ৰজ্বালনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাভা অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ মহান অসমীয়া বুলি দোহাৰে । পাটাছাৰকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা হিতৈষী সভ্য ডিম্বেশ্বৰ শৰ্মাই ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি ৰাভাই জাতিটোক বহুবছৰ আগেয়ে এই মালা পিন্ধাই মহীয়ান কৰি থৈ গৈছে বুলি মন্তব্য কৰে।

পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত শাখা সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ শাৰীৰিক অসুস্থতাৰ হেতু উপদেষ্টা শ্ৰীপদ চৌধুৰীৰ সভাপতিত্বত সম্পাদক হীৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত সাংবাদিক তথা পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সম্পাদক বিৰাজ কলিতায়ো ৰাভাৰদেৱৰ জীৱনৰ ওপৰত চমু বক্তব্য ৰাখে ।

Also Read: পাঠশালাত বিষ্ণু ৰাভা দিৱস পালন...

PATACHARKUCHI rabha dibash