প্ৰকৃতিৰ ৰোষত ছিকিমঃ ধাৰাসাৰ বৰষুণৰ ফলত নিহত ৩,সন্ধানহীন বহু লোক

প্ৰকৃতিৰ ৰোষত ছিকিমঃ ধাৰাসাৰ বৰষুণৰ ফলত নিহত ৩,সন্ধানহীন বহু লোক

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা ছিকিমৰ য়াং য়াং বিয়াং অঞ্চলৰ অন্তৰ্গত মাজুৱা গাঁৱত সংঘটিত ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, মৃত লোক কেইজন ক্ৰমে য়াবা চুব্বা, বিশাল ৰায় আৰু মনিতা ৰায় (মহিলা) ।

দেওবাৰে নিশাৰে পৰা অঞ্চলটোত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা অঞ্চলটোৰ প্ৰায় ৭ টা ঘৰ খহি পৰে । ইয়াৰে ৩ টা ঘৰ অধিক ক্ষতিগ্ৰস্ত হয় । এই ঘটনাত নিহতসকলৰ মৃতদেহ ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ কৰিছে ।

এই ঘটনাত বৰ্তমানেও কেইবাজনো লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোকসকলক বিচাৰি প্ৰশাসনে অভিযান চলাই আছে।

উল্লেখ কৰাটো প্ৰয়োজন যে, বৰ্তমান পৰ্যটকসকলক এই অঞ্চলটো ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ইয়াৰোপৰি নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমৰ বহুতো পথ খহি পৰিছে, যাৰ ফলত যান-বাহন আবদ্ধ হৈ পৰিছে ।

এই দুৰ্যোগৰ পাছতে সমভূমি অঞ্চলৰ পৰা ছিকিমলৈ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ফলত ছিকিমত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে। প্ৰশাসনে এই পৰিস্থিতি স্বাভাৱিক কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

প্ৰকৃতিৰ ৰোষত ছিকিমঃ ধাৰাসাৰ বৰষুণৰ ফলত নিহত ৩,সন্ধানহীন বহু লোক
দুই কেন্দ্ৰীয় মন্ত্ৰীক শুভেচ্ছা জনালে জয়ন্ত মল্ল বৰুৱাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in