দুই কেন্দ্ৰীয় মন্ত্ৰীক শুভেচ্ছা জনালে জয়ন্ত মল্ল বৰুৱাই...

দুই কেন্দ্ৰীয় মন্ত্ৰীক শুভেচ্ছা জনালে জয়ন্ত মল্ল বৰুৱাই...

author-image
Asomiya Pratidin
New Update
দুই কেন্দ্ৰীয় মন্ত্ৰীক শুভেচ্ছা জনালে জয়ন্ত মল্ল বৰুৱাই...

দুই কেন্দ্ৰীয় মন্ত্ৰীক শুভেচ্ছা জনালে জয়ন্ত মল্ল বৰুৱাই...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা এন ডি এৰ নতুন চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত আজি বিভাগসমূহ বিতৰণ কৰা হয়। ইয়াৰ পিছতে দুই মন্ত্ৰী ক্ৰমে চন্দ্ৰকান্ত ৰঘুনাথ পাটিল আৰু গজেন্দ্ৰ সিং শেখাৱতক শুভেচ্ছা জ্ঞাপন কৰে জয়ন্ত মল্ল বৰুৱাই।

Advertisment

বৰুৱাই নতুন দিল্লীত দুয়োগৰাকী নেতাৰ বাসগৃহত উপস্থিত হয় আৰু একোখনকৈ ফুলাম গামোচা আৰু কামাখ্যা মন্দিৰৰ আৰ্হিৰ উপহাৰেৰে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে, আজি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি হোৱা নিৰ্দেশনা অনুসৰি ৰঘুনাথ পাটিলক জলশক্তি বিভাগৰ আৰু গজেন্দ্ৰ সিং শেখাৱতক পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

Also Read: মোডী মন্ত্ৰীসভাত কোনে পালে কি কি বিভাগ? চাওঁক সম্পূৰ্ণ তালিকা...

জয়ন্ত মল্ল বৰুৱা