চিৰাঙৰ কাজলগাঁৱত 'যুৱ দিৱস' উদযাপন

স্বামী বিবেকানন্দৰ ১৬০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে কাজলগাঁও বজাৰ সমূহীয়া প্ৰেক্ষাগৃহত 'ৰাষ্ট্ৰীয় যুৱ দিৱস'

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত 'যুৱ দিৱস' উদযাপন

চিৰাঙৰ কাজলগাঁৱত 'যুৱ দিৱস' উদযাপন

ডিজিটেল সংবাদ, চিৰাং: স্বামী বিবেকানন্দৰ ১৬০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে কাজলগাঁও বজাৰ সমূহীয়া প্ৰেক্ষাগৃহত 'ৰাষ্ট্ৰীয় যুৱ দিৱস' হিচাপে পালন কৰা হয়। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, কাজলগাঁৱৰ উদ্যোগত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা আদৰণি গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

Advertisment

বিদ্যালয়খনৰ প্ৰধানাচাৰ্য অনুপ সোনাৰে স্বামী বিবেকানন্দৰ জীৱন আদৰ্শ সম্পৰ্কে চমু আলোকপাত কৰি দিয়া আদৰণি ভাষণৰ পিছতে উপস্থিত আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা সমজুৱাভাৱে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ "অন্বেষা"ৰ আৱৰণ পৃষ্ঠাৰ উন্মোচন কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি সশস্ত্ৰ সীমা বল ১৫ নং বাহিনীৰ সহকাৰী কমাণ্ডেন্ট প্ৰভাত কুমাৰে স্বামী বিবেকানন্দৰ প্ৰেৰণা আদৰ্শ আমি আকোৱালি ল'লেহে আমি জীৱনৰ সপোন বাস্তৱায়িত কৰিব পাৰিম বুলি মন্তব্য কৰে ।

তেওঁ যিয়ে অতীতৰ কথা চিন্তা নকৰি ভৱিষ্যতৰ ফালে আগুৱাই যায় সিয়ে আচল যুৱ আৰু আমাৰ দেশ যুৱসকল নতুন উদ্যমেৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়াৰ দিশত আগুৱাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ- ছাত্ৰীসকলৰ লগতে অভিভাবক সকলে পৰিবেশন কৰা বিভিন্ন নৃত্য-গীত, ইংৰাজী কবিতাৰ নৃত্য, কোৰাচ গীতে উপস্থিত দৰ্শকসকলৰ মন মুহিবলৈ সক্ষম হয় ।

কাজলগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অলেন্দ্ৰ বসুমতাৰী, ঢালিগাঁও থানাৰ সহ পৰিদৰ্শক ইষ্টন চৰেন আদি কেবাগৰাকীও বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সভাপতি কেশৱ বাহাদুৰ ছেত্ৰী, কাজলগাঁও লক্ষ্মী পূজা সমিতিৰ সম্পাদক প্ৰদীপ বসুমতাৰীয়েও বক্তব্য কৰে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ত অঘটন, দৌৰি আহিল যুৱক আৰু পাছত...

assam chirang