প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ত অঘটন, দৌৰি আহিল যুৱক আৰু পাছত...

বৃহস্পতিবাৰে কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ৰ সময়ত অঘটন। নিৰাপত্তাৰক্ষীৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ত অঘটন, দৌৰি আহিল যুৱক আৰু পাছত...

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ৰ সময়ত অঘটন। নিৰাপত্তাৰক্ষীৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

হুবলীত ৰোড শ্ব' চলি থকাৰ সময়ত এজন ব্যক্তি দৌৰি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আহিছিল। লগে লগে যাক এছপিজিয়ে তেওঁক সতৰ্কতাৰে আঁতৰাই দিয়ে। ঘটনাটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। ভিডিঅটিত দেখিবলৈ পোৱা মতে এজন লোক ৰোড শ্ব'ৰ সময়ত ভিৰৰ পৰা ওলাই আহি হাতত ফুলৰ মালা লৈ প্ৰধানমন্ত্ৰী মোডীৰ ফালে দৌৰি গৈছিল।

নিৰাপত্তাৰক্ষীয়ে মানুহজনক আঁতৰাই দিলেও ফুলৰ মালা গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। সেই লোকজন কোন আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' প্ৰতিযোগিতাত সোণৰ পদক লাভ গোলাঘাটৰ হিমাদ্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in