শিৱসাগৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ ১১১ গৰাকী সাংবাদিকক সম্বৰ্ধনা

শিৱসাগৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ ১১১ গৰাকী সাংবাদিকক সম্বৰ্ধনা
শিৱসাগৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ ১১১ গৰাকী সাংবাদিকক সম্বৰ্ধনা

ডিজিটেল সংবাদ শিৱসাগৰঃ ''ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম ৷ দেশ বা ৰাষ্ট্ৰ গঠনত সাধাৰণ জনতা জড়িত হ'বই লাগিব ৷ ইতিহাসৰ পাতে পাতে জিলিকি আছে সংবাদ মাধ্যমে শক্তিশালী চৰকাৰ উৎখাত কৰি দিয়াৰ অনেক নজিৰ ৷

সংবাদ মাধ্যমে জন সচেতনতা সৃষ্টিৰে সদায়েই গণতন্ত্ৰক শক্তিশালী কৰি আহিছে৷ সংবাদ মাধ্যমে অন্যায়, অবিচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে সৱল জনমত প্ৰতিস্থা কৰে৷''

শিৱসাগৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সংস্থা, জিলা বাৰ্তাজীৱী সংঘ, ই মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন তথা জিলা তথ্য জন সংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে স্থানীয় যুৱদলত আয়োজিত কেন্দ্ৰীয় অনুস্থানত "ৰাষ্ট্ৰ নিৰ্মাণত প্ৰচাৰ মাধ্যমৰ ভূমিকা " শীৰ্ষক বিষয়ত মূল বক্তা হিচাবে বীৰংগনা সতী সাধনী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ড° জ্যোতি প্ৰসাদ শইকীয়াই এনেদৰে কয় ৷

অতি তত্বগধূৰ বক্তৰ্ব্যত ড° শইকীয়াই কয় যে, ৰাষ্ট্ৰ নিৰ্মাণ স্বাৰ্থত সাধাৰণ জনতাক সংবাদ মাধ্যমে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃৰ্তিক দিশ সমুহত সজাগ— সচেতন তথা সংঘবদ্ধ কৰি তুলিব লাগিব৷ জনগনে মুখামুখি হৈ অহা জটিল সমষ্যা, অন্যায় অবিচাৰক পোন প্ৰথমে সংবাদ মাধ্যমেই উন্মোচিত কৰে।

ইয়াৰ প্ৰতিকাৰৰ বাবে সজাগতাৰ জৰিয়তে এক গণ জাগৰণৰ জোৱাৰ তোলে৷ সংবাদ সেৱা বা সাংবাদিকতাক উচ্চ পৰ্যায়লৈ নিয়াত যিকেইটা দিশে প্ৰধান ভূমিকা পালন কৰিছে তাৰ ভিতৰত নিৰপেক্ষতা, সত্যনিষ্ঠতা, সামাজিক দায়বদ্ধতা আৰু নৈতিকতা অন্যতম।

জনসচেতনতা আৰু স্বাধীনতাৰ বাবে ভাৰতৰ সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ,যাৰ বাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে স্বীকৃৰ্তি লাভ কৰিছে ৷

সাংবাদিকৰ সমাজ-অৰ্থনীতি, ৰাজনীতিৰ সম্পৰ্কে ইতিহাস চেতনা থাকিব লাগিব। সাংবাদিকতাৰ বাবে প্ৰয়োজন হোৱা প্ৰাথমিক গুণটো হৈছে তেওঁ ব্যক্তিত্ব। তেওঁৰ ব্যক্তিত্বত ফুটি উঠিব লাগিব বুদ্ধিমত্তা, সাহস আৰু যুক্তিনিষ্ঠতা।

ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ অৱদান স্বাধীনতাৰ বহু পূৰ্বৰে পৰা আছে আৰু এই ধাৰা অব্যাহত ৰাখিছে বুলি ব্যক্ত কৰাৰ উপৰিও সংবাদ মাধ্যমৰ লগতে নতুন প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে।

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক তথা জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনৰে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সংবাদ মাধ্যমৰ ত্যাগৰ কথা সোঁৱৰি সাম্প্ৰতিক প্ৰেক্ষাপটত সাংবাদিকসকলক নিষ্ঠা আৰু সততাৰে সমাজখন আৰু ৰাষ্ট্ৰৰ হকে নিজকে উৎসৰ্গা কৰিবলৈ আহব্বান জনাই ৷

শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক অতনু বৰাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পিছতেই আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি বিশিষ্ট নিৱন্ধকাৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই। ড° মহন্তই ভাষণ প্ৰসংগত কয় যে, শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ হ'লে দেশৰ সংবাদমাধ্যম মুক্ত হোৱাৰ সমান্তৰালভাৱে সংবাদমাধ্যমো দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে৷

প্ৰতিক্ৰিয়াশীল চক্ৰৰ অহৰহ নেতিবাচক প্ৰচেষ্টা, প্ৰলোভন আৰু প্ৰভাবৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে প্ৰতিমুহূৰ্ততে সংবাদকৰ্মীসকল সচেষ্ট আৰু সচেতন হৈ থাকিব লাগিব বুলি কোৱাৰ লগতে সংবাদ মাধ্যমে সঁচা অৰ্থত কণ্ঠহীনৰ কণ্ঠ হিচাপে দায়িত্ব পালন কৰিব লাগিব বুলি মত ব্যক্ত কৰে। প্ৰকৃতাৰ্থত সংবাদ মাধ্যমে কন্ঠহীনৰ কন্ঠক সঠিক উপস্থাপনেৰে সৃষ্টি কৰা জনজাগৰণেহে ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে গণতন্ত্ৰক শক্তিশালী কৰিব বুলি মতপোষণ কৰে ৷

অনুষ্ঠানটোত শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড০ নিৰুপমা মহন্তই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈয়ে উপাচাৰ্য্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াৰ এক চমু অৱলোকন দাঙি ধৰা অনুস্থানৰ আৰম্ভনিতে পুৱা স্মৃতি তৰ্পন কৰে আটাইকেইটা অনুষ্ঠানৰ বিষয়ববীয়াসকলে ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ছয় উদ্যোক্তা অনুস্থানে সদ্য বিভক্ত জিলাখনৰ ভিন্ন প্ৰান্তৰ ১১১ গৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা পত্ৰ, গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। যুৱ দলৰ এই কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাবে জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ, জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈ, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্ত, শিক্ষাবিদ,সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞা, কবি প্ৰেম গগৈ, প্ৰাক্তন ছাত্ৰ নেতা শৰৎ হাজৰিকাকে ধৰি জিলা খনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in