ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...
ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

ডিজিটেল ডেস্কঃ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ পুনৰ গঠন কৰা হ'ব।

অসম আৰক্ষীৰ আইনৰ ধাৰা ১১ (৫) ৰ অধীনত গঠন হ'বলগীয়া সমিতিখনে সংশ্লিষ্ট থানাৰ বাবে সামুহিক যোগাযোগ গোট হিচাপে কাম কৰিব। এই সমিতিখনৰ অধ্যক্ষক ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰিব। সদস্য সচিব হিচাপে থাকিব আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। পদেন সদস্য হিচাপে থাকিব চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, স্বাস্থ্য, আবকাৰী, সমাজ কল্যাণ, লোক নিৰ্মাণ আদিৰ জ্যেষ্ঠতম বিষয়া।

আনহাতে সদস্য হিচাপে থাকিব পৌৰ নিগম/পৰিষদৰ (গুৱাহাটীৰ বাহিৰত) অধ্যক্ষ বা ৱাৰ্ড কমিছনাৰ (গুৱাহাটীত), উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠতম জন প্রতিনিধি। অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা মর্মে উপায়ুক্তৰ দ্বাৰা মনোনীত এগৰাকী সদস্য আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা মনোনীত ৩ গৰাকী সদস্য থাকিব।

এই সমিতিৰ কাৰ্য আৰু দায়িত্বসমূহ হ'ব-

  • আৰক্ষী বিভাগৰ নাগৰিককেন্দ্ৰিক সেৱা সময়মতে প্ৰদানত সহায় কৰা।

  • আৰক্ষী থানাত পঞ্জীয়ন কৰা অভিযোগৰ বিৰুদ্ধে আৰক্ষীৰ সঁহাৰি নিশ্চিত কৰা।

  • অভিযোগৰ দুৰ্ব্যৱহাৰ ঘটনাৰ নিৰীক্ষণ।

  • নীতিগত উন্নয়নৰ বাবে সম্প্ৰদায়ৰ তথ্য আৰু মতামত যোগান।

  • ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাজহুৱা কল্যাণৰ ক্ষেত্ৰত আৰক্ষীৰ পদক্ষেপক অধিক গতিশীলতা প্ৰদানৰ বাবে বিভিন্ন ৰাজহুৱা মঞ্চ ব্যৱহাৰ।

  • ড্ৰাগছৰ অপব্যৱহাৰ, মানৱ সৰবৰাহ, ডাইনী হত্যা, ঘৰুৱা হিংসা আদিৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়ত জনসজাগতা সৃষ্টি কৰা।

কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল এ চি এছ বিষয়াৰ ছিনিয়ৰ গ্রেড-১। বিভিন্ন বিভাগৰ সাংগঠনিক গাঁথনি শক্তিশালী আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে ৭২গৰাকী এ চি এছ বিষয়া অন্তর্ভুক্তিৰ হেতু অসম অসামৰিক সেৱাৰ ছিনিয়ৰ গ্ৰেড-১ ত ৭২টা সাময়িক পদ সৃষ্টিত অনুমোদন জনোৱা হৈছে আজিৰ কেবিনেট বৈঠকত।

বিদ্যমান ১৭৮ গৰাকী ছিনিয়ৰ গ্রেড-১ এ চি এছ বিষয়াৰ লগত সংযোজনেৰে ২৫০গৰাকী হ'ব আৰু ১৯৯৫, ১৯৯৭, ১৯৯৯, ২০০২ আৰু ২০০৪ বেটচৰ ৭২গৰাকী যোগ্য ছিনিয়ৰ গ্রেড-২ বিষয়াৰ পদোন্নতিৰে বাকী থকা অংশ পূৰণ কৰা হ'ব।

প্ৰস্তাৱিত ৭২টা সাময়িক পদ পদোন্নতি প্রাপ্ত বিষয়াসকলৰ বাবে ব্যক্তিগত হ'ব। ছিনিয়ৰ গ্রেড-১ পৰ্যায়ত নিয়মীয়া খালী পদৰ বিপৰীতে এজন বিষয়াক মিলাই দিয়া বা এজন বিষয়াক বাছনি গ্রেডলৈ পদোন্নতি দিয়াৰ পাছত সংশ্লিষ্ট বিষয়াৰ ব্যক্তিগত সাময়িক ছিনিয়ৰ গ্ৰেড-১ পদটো ছিনিয়ৰ গ্ৰেড-২ লৈ ঘূৰাই দিয়া হ'ব।

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল সামূহিক পাকঘৰৰ বাবে ভূমি। চাৰিদুৱাৰ ৰাজহ চক্ৰৰ গৰৈমাৰী মৌজাৰ অন্তৰ্গত মদপী চাহ বাগিচাত ১১ বিঘা ১ কঠা ১১ লেচা জোখৰ ভূমি গুৱাহাটীৰ হৰে কৃষ্ণ ম’ভমেণ্টক কেন্দ্রীভূত সামূহিক পাকঘৰ, দুখীয়া শিশুৰ বাবে বিদ্যালয়, সাংস্কৃতিক প্রকল্প ইত্যাদি স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে আজিৰ কেবিনেট বৈঠকত।

আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ন্যায়িক বিষয়াৰ সংশোধিত দৰমহা। দ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক বেতন আয়োগৰ পৰামৰ্শ অনুসৰি ন্যায়পালিকাৰ অধীনস্থ ন্যায়িক বিষয়াসকলৰ সংশোধিত দৰমহা গাঁথনিত অনুমোদন জনোৱা হৈছে এই বৈঠকত।

ইয়াৰ উপৰিও পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সদস্যৰ পাৰিতোষিকৰ ওপৰতো গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। সেই অনুসৰি ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ হস্তান্তৰ অনুদানৰ পৰা ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নির্বাচিত সদস্যসকলক কামসমূহ সুচাৰুৰূপে কৰাৰ বাবে পাৰিতোষিক প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০২২ চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিমাহে বেংক একাউণ্ট যোগে সদস্যসকলক পাৰিতোষিক প্রদান কৰা হ'ব।

অসমত নগৰীয়া প্ৰশাসন ব্যৱস্থাৰ উৎকৰ্ষৰ লক্ষ্যৰে পৌৰ নিগম (অসম)ৰ ব্যৱসায়িক পৰিচালনা নীতি, ২০২২ ত অনুমোদন জনাইছে আজিৰ কেবিনেট বৈঠকে। ইয়াৰোপৰিও অসম পৌৰ নিগমৰ নিৰ্বাচন নীতি, ২০২২তো অনুমোদন জনোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in