গহপুৰত ৰাষ্ট্ৰীয় প্ৰেছ-দিৱস পালনঃ ভুৱন শইকীয়ালৈ বিশেষ সন্মান

গহপুৰ মহকুমা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ-দিৱস পালনঃ ভুৱন শইকীয়ালৈ বিশেষ সন্মান
গহপুৰ মহকুমা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ-দিৱস পালনঃ ভুৱন শইকীয়ালৈ বিশেষ সন্মান

ডিজিটেল সংবাদ ছয়দুৱাৰ: "গণতন্ত্ৰত চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। উপযুক্ত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আন তিনিটা স্তম্ভ বিধান মণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ পিছতে সংবাদ মাধ্যমে চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সমতা ৰক্ষা কৰি আহিছে। সংবাদ মাধ্যমৰ বাহিৰে বাকী তিনিটা স্তম্ভই জনসাধাৰণৰ লগত প্ৰত্যক্ষ ভাবে যোগাযোগ ৰক্ষা কৰিব নোৱাৰে।সেইবাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু দায়িত্ব অপৰিসীম।"

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য-জনসংযোগ বিভাগৰ সহযোগত আজি গহপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২২ৰ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ডঃ অঞ্জন কুমাৰ ওজাই। গহপুৰ মহকুমাৰ নিৰ্বাচনী বিষয়া পূজা পুনম গগৈয়ে আঁতধৰা সভাখনত ভাষণ প্ৰদান কৰি তেওঁ আৰু কয় যে, উপযুক্ত সমাজ গঠনত সাংবাদিক আৰু সংবাদ মাধ্যমৰ যথেষ্ট গুৰু দায়িত্ব আছে আৰু সেই দায়িত্ব গহপুৰৰ সাংবাদিকসকলে নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে।

ভাষণ প্ৰসংগত তেওঁ নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ প্ৰতি ভাষা আৰু বানানৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰাই আঁতধৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দীপন বৰ্মনে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত বাখ্যা আগবঢ়াই ইতিবাচক আৰু যোগাত্মক বাতৰিয়ে সমাজ জীৱনলৈ কেনেদৰে পৰিবৰ্তন আনিব পাৰে তাৰ কেতবোৰ উদাহৰণ ডাঙি ধৰে।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই গহপুৰৰ সাংবাদিকসকল বহুত সক্ৰিয় আৰু শক্তিশালী বুলি তেওঁ মৰাণত ৰাজহ চক্ৰ বিষয়া হৈ থাকোতেই শুনিছিল বুলি উল্লেখ কৰি কয় যে, এটা বাতৰিৰ জৰিয়তে সমাজলৈ বিয়পি পৰা এটা বাৰ্তাই যথেষ্ট প্ৰভাৱ পেলাব পাৰে। সমাজলৈ এটা উপযুক্ত বাৰ্তা প্ৰবাহিত হ'ব পৰাকৈ বাতৰি প্ৰকাশৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ ভাষণৰ জৰিয়তে আহ্বান জনায়।

অফিচাৰ্চ ক্লাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২২ৰ কাৰ্য্যসূচীত গহপুৰ মহকুমাৰ তিনিগৰাকী প্ৰবীণ সাংবাদিক ক্ৰমে নগেন কোঁৱৰ, নগেন শইকীয়া আৰু ঘনকান্ত দাসক গহপুৰ মহকুমা প্ৰশাসন আৰু তথ্য আৰু জনসংযোগ বিভাগে একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে আনুষ্ঠানিকভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। সংবাদ সেৱাৰ জৰিয়তে জীৱনৰ সুদীৰ্ঘ কাল সমাজ জীৱনলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে উক্ত তিনিগৰাকী প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটোত গহপুৰ মহকুমা প্ৰশাসন আৰু তথ্য জনসংযোগ বিভাগে ডিজিটেল মিডিয়া লাইভ চেভেন চিষ্টাৰৰ্ছৰ মুখ্য সম্পাদক তথা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াক বছৰটো(২০২২)ৰ শ্ৰেষ্ঠ ইতিবাচক বাতৰিৰ সন্মান প্ৰদান কৰে।যোৱা দুৰ্গা পূজাৰ সময়ত Live7 Sistersত পৰিৱেশন কৰা এটা বাতৰিৰ পিছত গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজান কোঠাইচুকৰ প্ৰয়াত ধনবৰ ভূঞাৰ পৰিয়ালটোৱে চৰম হতাশা আৰু অনিশ্চয়তাৰ মাজতো পোহৰৰ বাট দেখিবলৈ সক্ষম হোৱাৰ বাবে ভুৱন শইকীয়াক এখন সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই এই সন্মান প্ৰদান কৰা হয়।

এক অভিশপ্ত মটৰ চাইকেল দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়া দিন হাজিৰা কৰা শ্ৰমিক ধনবৰ ভূঞাৰ মৃত্যুৰ পিছত দুৰ্গা পূজাৰ অষ্টমীৰ নিশা গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত ধনবৰ ভূঞাৰ মৃতদেহ সন্মুখত লৈ তেখেতৰ পত্নী আৰু পুত্ৰই কান্দি কান্দি কৰা কথোপকথনৰ এক আবেগভৰা দৃশ্য ভুৱন শইকীয়াই কেমেৰাত বন্দী কৰি প্ৰথমে Live7 Sistersত বাতৰি আকাৰে তুলি ধৰাৰ পিছত পৰবৰ্তী সময়ত বিভিন্ন ছপা আৰু ইলেকট্ৰনিক মাধ্যমত ভাইৰেল হৈ পৰা উক্ত ভিডিঅ'টোৱে আবেগিক কৰি তুলিছিল অসমৰ লগতে অসমৰ বাহিৰত থকা বিভিন্ন জন হৃদয়বান লোকৰ হৃদয়।

ভুৱন শইকীয়াই সংগ্ৰহ কৰা এই আবেগভৰা ভিডিঅ'টোৰ বাবেই প্ৰয়াত ধনবৰ ভূঞাৰ পৰিয়ালটোলৈ নগদ আৰু একাউণ্টৰ জৰিয়তে বিভিন্ন জন মানৱদৰদী লোকে আগবঢ়োৱা আৰ্থিক সাহাৰ্যৰ পৰিমানে প্ৰায় আঠ লক্ষাধিক স্পৰ্শ কৰিলে। এনে প্ৰেক্ষাপটত চৰম হতাশা, অনিশ্চয়তা আৰু দুখৰ মাজত এক আশাৰ সঞ্চাৰ ঘটাবলৈ সক্ষম হোৱা ভুৱন শইকীয়াৰ ইতিবাচক বাতৰিটোৰ বাবে "বছৰটো(২০২২)ৰ শ্ৰেষ্ঠ ইতিবাচক বাতৰি"ৰ সন্মান আগবঢ়োৱা হয়।

ইপিনে গহপুৰ মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মণ, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰা, সহকাৰী আয়ুক্ত প্ৰভাত পেগু, গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ড০ পৱন কুমাৰ উপাধ্যায় আৰু গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালীক গহপুৰ জিলা সাংবাদিক সন্থাই একোখনকৈ ফুলাম গামোচাৰে অনুষ্ঠানটোত সন্মান জনায়।অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালীয়ে।

উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী পূজাৰী, নিকুঞ্জ কোঁৱৰ মহন্ত আৰু ভদ্ৰেশ্বৰী বৰা উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in