ধুবুৰীত জিলা তথ্য আৰু জনসংযোগৰ উদ্যোগত প্ৰেছ দিৱস উদযাপন...

সভাত বহু সংখ্যক সাংবাদিক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে
ধুবুৰীত প্ৰেছ দিৱস উদযাপন
ধুবুৰীত প্ৰেছ দিৱস উদযাপন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বুধবাৰে ধুবুৰী জিলা পৰিষদৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে ৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰেছ দিৱসৰ কাৰ্যসূচীত 'ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে গোলকগঞ্জৰ চিলাৰায় কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ প্ৰতিমা নেওগীয়ে ৷

অধ্যাপিকা গৰাকীয়ে কৃষি, অৰ্থিনীতি, শিক্ষা, পৰিবেশ ৰক্ষা আদিৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় পোহৰলৈ আনি সংবাদ মাধ্যমে কৰা বা কৰাৰ সম্ভাৱনা থকা বাতৰিয়ে ৰাষ্ট্ৰ নিৰ্মাণত যোগোৱা অৰিহণাৰ প্ৰসংগ উল্লেখ কৰে ৷ ড০ নেওগীয়ে ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমে আগবঢ়োৱা অৰিহণাৰ ইতিহাসৰো ব্যাখ্যা কৰে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানে ৷ মুখ্য অতিথিৰ ভাষণত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সাংবাদিকে সমাজ আৰু ৰাষ্ট্ৰ গঢ়াত আগবঢ়োৱা অৱদানৰ কথা উদাহৰণসহ উল্লেখ কৰে ৷

সভাত উপস্থিত সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচাৰে তেওঁলোকৰ অৱদানৰ কৃতজ্ঞতা স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত জ্যেষ্ঠ সাংবাদিক বিজয় কুমাৰ শৰ্মা, প্ৰণৱাশীষ ৰয়েও ভাষণ দিয়ে ৷ সভাত বহু সংখ্যক সাংবাদিক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আৰু পঢ়কঃ প্ৰেয়সীক নৃশংসভাৱে হত্যা! নাৰ্কো পৰীক্ষা কৰা হ'ব আফটাবৰ, আদালতে দিলে অনুমতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in