দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

অনুষ্ঠানত ড০ লোকেশ্বৰ নাথ, ড০ বুধিন চন্দ্ৰ হাজৰিকা, জয়কান্ত চহৰীয়া, অনিল চন্দ্ৰ শৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট নাগৰিকৰ লগতে সংবাদকর্মী আৰু গন্যমান্য ব্যক্তি উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ডিজিটেল সংবাদ,‌মঙলদৈঃ দৰং জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মঙলদৈ সনাতন ধৰ্ম সভাগৃহত বুধবাৰে ৰাষ্ট্রীয় প্ৰেছ দিৱস উদযাপন কৰে। জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা আৰু অতিৰিক্ত উপায়ুক্ত জোনতি ডেকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কার্যসূচীত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাই এই বৰ্ষৰ মূল বিষয় "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা' সম্পৰ্কে আলোকপাত কৰে ।

Advertisment

ভাষণ প্ৰসংগত ড০ বৰাই স্মাৰ্ট জাৰ্নেলিজিম সন্দৰ্ভত কয় আৰু সাম্প্ৰতিক সময়ৰ তথ্য প্ৰযুক্তিৰ নৱ নৱ পদ্ধতিৰ সৈতে খোজ মিলাই সঠিক সময়ত শুদ্ধ তথ্য জনসাধাৰণ সমুখত দাঙি ধৰিব পাৰিলেহে নিজকে এজন প্ৰগতিশীল সাংবাদদাতা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব যিয়ে ৰাষ্ট্ৰ নিৰ্মাণত পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। শেহতীয়াকৈ গৃহীত হোৱা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰযোজ্য হোৱা পাঠ্যক্ৰম পদ্ধতিয়েও সমাজত গুণগত মান সম্পন্ন সাংবাদিক সৃষ্টি কৰাত অৰিহণা যোগাব বুলিও তেওঁ মতপোষণ কৰে।

অনুষ্ঠানত দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গব দাসে দৰঙৰ সংবাদক্ষেত্ৰৰ কেইবালানিও সফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰাৰ লগতে সাংবাদকৰ্মীসকলৰ আইন কানুন সম্পৰ্কীয় জ্ঞান বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদকর্মী সকলক সকলোৱে লক্ষ্য কৰি থাকে আৰু সেয়েহে তেওঁলোকে পাৰ্যমানে ভুলৰ কৰাৰ পৰা আঁতৰি থাকিব লাগে।

অনুষ্ঠানত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা আৰু অতিৰিক্ত উপায়ুক্ত জোনতি ডেকাই সাংবাদিকসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো সাংবাদকর্মীকে সম্বৰ্ধনা জনোৱাৰ লগতে ২০২২ বৰ্ষৰ ফেলশ্বিপ লাভ কৰা সাংবাদদাতা মনোজ আলী আৰু শৈলেন কাকতিক জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত ড০ লোকেশ্বৰ নাথ, ড০ বুধিন চন্দ্ৰ হাজৰিকা, জয়কান্ত চহৰীয়া, অনিল চন্দ্ৰ শৰ্মা প্ৰমুখ্যে ভালেমান বিশিষ্ট নাগৰিকৰ লগতে সংবাদকর্মী আৰু গন্য মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ শেষত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিকা বৰগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায় ।

আৰু পঢ়কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! ভুলবশত মিছাইল পৰিল গৈ পোলেণ্ডত...

assam NATIONAL PRESS DAY darrang