ঢকুৱাখনা স্বাস্থ্য সেৱা অভিযানৰ উদ্যোগত ৪৮৬ ৰোগীৰ স্বাস্থ্য পৰীক্ষা...

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া মনেশ্বৰ সোণোৱাল , বিশেষজ্ঞ চিকিৎসক ডা০ প্ৰশান্ত বৰি, ডা০ লীনা পেগু ,ডা০ ৰাজলক্ষ্মী বৰগোঁহাই, ডা০ শিৱাশীষ পাল ,ডা০ জয়দীপ দাস ,ডা০ কৰিশ্মা বৰা আদিয়ে চিকিৎসা সেৱা আগবঢ়ায়

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা স্বাস্থ্য সেৱা অভিযানৰ উদ্যোগত ৪৮৬ ৰোগীৰ স্বাস্থ্য পৰীক্ষা...

ঢকুৱাখনা স্বাস্থ্য সেৱা অভিযানৰ উদ্যোগত ৪৮৬ ৰোগীৰ স্বাস্থ্য পৰীক্ষা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অন্তৰ্গত ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ উদ্যোগত স্বাস্থ্য সেৱা অভিযান -৩ ৰ আধাৰত মঙ্গলবাৰে ঢকুৱাখনা মহকুমাত এক বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। জানিবলৈ দিয়া মতে প্ৰধানতঃ প্ৰসূতি মাতৃ , শিশু ,দন্ত ৰোগীকে ধৰি অন্যান্য ৰোগাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়া স্বাস্থ্য সেৱা  আগবঢ়োৱাৰ লক্ষ্যৰে পূব ঢকুৱাখনা জনজাতি হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই চিকিৎসা শিবিৰ । ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ উদ্যোগত অনুষ্ঠিত শিবিৰৰ শুভ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।

Advertisment

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া মনেশ্বৰ সোণোৱাল , বিশেষজ্ঞ চিকিৎসক ডা০ প্ৰশান্ত বৰি, ডা০ লীনা পেগু ,ডা০ ৰাজলক্ষ্মী বৰগোঁহাই, ডা০ শিৱাশীষ পাল ,ডা০ জয়দীপ দাস ,ডা০ কৰিশ্মা বৰা আদিয়ে চিকিৎসা সেৱা আগবঢ়ায়।

জানিবলৈ দিয়া মতে স্বাস্থ্য পৰীক্ষা শিবিৰত ৪৮৬ গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে। ইয়াৰ লগতে গৰিষ্ঠ সংখ্যক ৰোগীৰ ৰক্ত পৰীক্ষাও সম্পন্ন কৰে।

তদুপৰি স্বাস্থ্য সেৱা অভিযানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক পুৰস্কৃত কৰে বুলি জনায়।

আৰু পঢ়কঃ পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

assam dhakuakhana health