পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

দেশত প্ৰতিদিনে বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ পৰা সাৰি নাযায় শিশুও। প্ৰতি দিনেই একাংশ পাষাণৰ কামনাৰ বলি হয় শিশুও। ইয়াৰ মাজতে এক জঘন্য ঘটনা পোহৰলৈ আহিছে চত্তীশগড়ৰ পৰা।
পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনে বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ পৰা সাৰি নাযায় শিশুও। প্ৰতি দিনেই একাংশ পাষাণৰ কামনাৰ বলি হয় শিশুও। ইয়াৰ মাজতে এক জঘন্য ঘটনা পোহৰলৈ আহিছে চত্তীশগড়ৰ পৰা।

মধ্য ছত্তীশগড়ত ১৭ বছৰীয়া এজন কিশোৰে ধৰ্ষণ কৰে ১০ বছৰীয়া এটি শিশুক। ঘৰতে অকলে থকা শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত ঘৰৰ ৰডত ওলমাই থয়। মঙলবাৰে পোহৰলৈ আহে এই ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি শনিবাৰে চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত বেমেটাৰা জিলাত এই জঘন্য কাণ্ড সংঘটিত হয়।

প্ৰথম অৱস্থাত শিশুটিয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে শিশুটিয়ে মৃত্যুৰ পূৰ্বে প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰিছিল। লগতে শিশুটিৰ শৰীৰতো আঘাতৰ চিন স্পষ্ট হৈ আছিল।

আৰক্ষয়ে সোধা-পোচাৰ বাবে শিশুটিৰ ঘৰৰ ওচৰৰ কেইজনমান লোকক আটক কৰিছিল। সেই লোক কেইজনৰ ভিতৰত কিশোৰজনো আছিল।

পাছত পোহৰলৈ আহে যে পৰ্ণ চোৱাত আসক্ত আছিল কিশোৰ জন। শনিবাৰে পৰ্ণ চোৱাৰ পাছত কিশোৰ জন শিশুটিৰ ঘৰত প্ৰৱেশ কৰিছিল। সেই সময়ত শিশুটি ঘৰত অকলে আছিল আৰু তেতিয়াই কিশোৰটিয়ে যৌন নিৰ্যাতন চলাইছিল।

কিশোৰ জনে ভয় খাইছিল যে শিশুটিয়ে ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকক অৱগত কৰিব। তাৰ পাছতে শিশুটিক হত্য়া কৰি ওলমাই থৈছিল কিশোৰজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পকচো আইনৰ লগতে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰে।

আৰু পঢ়ক: অনলাইন বাইক বুক কৰা যুৱতীক দলবদ্ধ ধৰ্ষণ চালক আৰু সহযোগীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in