/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/da0c119c-a2ea-4fcb-b41f-4a36a9f98509/NANI_DA.jpg)
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আলোচনা চক্ৰ
ডিজিটেল সংবাদ,নগাঁওঃনগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত আৰু সহযোগী বিদ্যালয় সমূহৰ সহযোগত "নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০"ৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ লগতে উক্ত বিষয়ত সবিশেষ তথ্য আহৰণৰ উদ্দেশ্যে এখনি আলোচনা চক্ৰ বুধবাৰে অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰখনিত অসম চৰকাৰৰ মাননীয় শিক্ষা উপদেষ্টা ড: ননী গোপাল মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি "ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০"ৰ সম্পৰ্কে বিস্তৃত আলোচনা কৰা লগতে নতুন শিক্ষানিতীৰ ইতিবাচক দিশ সমূহৰ সন্দৰ্ভত উপস্থিত সকলোকে অৱগত কৰে।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো আলোচনা চক্ৰত ভাগ লয় ৷ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সভাপতি ড: স্বপ্না নেওগ বৰাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড:যোগেন চন্দ্ৰ কলিতা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ বিভাগ আৰু সমন্বয়ক,ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সঞ্চালক ড:ৰজ্ঞন কুমাৰ কাকতি,অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা,নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড:শৰৎ বৰকটকী, নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ,নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰীতা কাকতি প্ৰমুখ্যে বিভিন্ন বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰী লগতে বিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে।
আৰু পঢ়কঃহাগ্ৰামা নেতৃত্বাধীন বি পি এফে চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছেঃ প্ৰমোদ বড়ো
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us