কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাষ্ট্ৰীয় গ্ৰাহক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে দিপৰ বিলৰ চকদৌ দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু দিপৰ বিল সুৰক্ষা মঞ্চ তথা সেউজ অসমৰ সহযোগত অনুষ্ঠিত এই সজাগতা সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাবক আৰু স্থানীয় লোক উপস্থিত থাকে।

Advertisment

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই সজাগতা সভাত গ্ৰাহক সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ বিষয়ে বহলাই বাখ্যা আগবঢ়াই সমাজৰ সকলো স্তৰৰ গ্ৰাহকক এই আইনে প্ৰদান কৰা অধিকাৰসমূহ সন্দৰ্ভত সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়।

গ্ৰাহক সুৰক্ষা আইনে প্ৰতিজন গ্ৰাহকক কি কি ধৰণৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰিছে, এই আইনৰ অধীনত এজন বঞ্চিত গ্ৰাহকে কি ধৰনে আইনী সহায় লাভ কৰিব পাৰে আদি বিষয় অধিবক্তা হাজৰিকাই বিস্তৃত ভাবে উল্লেখ কৰে। সজাগতা সভাত চিকিৎসাজনিত গাফিলতি আৰু এইক্ষেত্ৰত এজন বঞ্চিত গ্ৰাহকে কি ধৰণৰ আইনী সাহাৰ্য লাভ কৰিব পাৰে সেই বিষয়েও বাখ্যা কৰে।

সভাত চকৰ্দো দেশভক্ত তৰুণ ৰাম ফুকন এমই স্কুলৰ প্ৰধান শিক্ষক বিমল মেধি, দিপৰ বিল সুৰক্ষা মঞ্চৰ উপদেষ্টা সনেশ টেৰণ, দিপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰি ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা,সেউজ অসমৰ সম্পাদক দীপাঞ্জলি ডেকা, যুৱ সমাজকর্মী বিৰাজ কলিতা (পৱন), অজয় ৰাভা, সমাজকর্মী মনিষা কলিতা আদি উপস্থিত থাকে।

সেউজ অসমৰ সদস্য, সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনত পামহী কাৰ্বি পাৰাৰ ৰাইজো উপস্থিত থাকে। সজাগতা সভাৰ পিছতে ফৰামৰ আইনী বিশেষজ্ঞসকলে স্থানীয় বঞ্চিত গ্ৰাহকসকলক বিনামূলীয়া আইনী সাহাৰ্য্য প্ৰদান কৰে।

উল্লেখ যে, গ্ৰাহকৰ অধিকাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰৰ দিনটোতে আমাৰ দেশৰ সংসদত প্ৰথম বাৰৰ কাৰণে 'গ্ৰাহক সুৰক্ষা আইন' গৃহীত হৈছিলে। তেতিয়াৰে পৰা সমগ্র দেশতে এই ঐতিহাসিক দিনটোক ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

ক্লিক কৰি পঢ়কঃ শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ বাছ দুৰ্ঘটনা...

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস