শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ বাছ দুৰ্ঘটনা...

শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ বাছ দুৰ্ঘটনা...
শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ বাছ দুৰ্ঘটনা...

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ নলতলিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিক্ষামূলক ভ্ৰমণ লৈ ছাত্ৰী কঢ়িয়াই অনা বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।

ঘটনাৰ বিবৰণিমতে তেজপুৰৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি নগাওঁ লৈ উভতি আহিছিল বাছখন। ঘটনাস্থলী পোৱাৰ সময়তে দ্ৰুত বেগী এন এৰ ০১ কিউ ১৪২৫ নম্বৰৰ ট্ৰাকখনে চলন্ত বাছখনক মহতীয়াই নিয়ে।

এই দুৰ্ঘটনাৰ ফলত বাছখনৰ ক্ষতি সাধন হোৱাৰ লগতে ছাত্ৰীসকলো কম-বেছি পৰিমানে আঘাত প্ৰাপ্ত হয়। ইয়াৰ পিছতে ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে।

ক্লিক কৰি পঢ়কঃ ৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ লৈ  বিকাশৰ পষেক কাৰ্যসূচী লৈ নামৰূপত মুখ্যমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in