সুভাময় ভট্টাচাৰ্য লৈ উৎকৃষ্ট সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা, এআৰএমটিৰ সম্বৰ্ধনা...

সুভাময় ভট্টাচাৰ্য লৈ উৎকৃষ্ট সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা, এআৰএমটিৰ সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
সুভাময় ভট্টাচাৰ্য লৈ উৎকৃষ্ট সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা, এআৰএমটিৰ সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ২০২৩বৰ্ষৰ উৎকৃষ্ট সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা সুভাময় ভট্টাচাৰ্যক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ড০ অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ (এআৰএমটি) প্ৰকল্প সহযোগী হিচাপে কাৰ্যনিৰ্বাহ কৰা সুভাময় ভট্টাচাৰ্যক ট্ৰাষ্টৰ অধ্যক্ষ ৰজত বৰণ মহন্তই সম্বৰ্ধনা জনায়।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে ৫আগষ্টত নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই আৰু ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষৰ উপস্থিতিত বিশিষ্ট প্ৰবীণ সাংবাদিক অশোক টেণ্ডনৰ "ফটো ফিচাৰ" শিতানত সুভাময় ভট্টাচাৰ্যক এই বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা লাভ কৰা সুভাময় ভট্টাচাৰ্য উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ফটো সাংবাদিক। ভাৰতৰ সাংবাদিকতাৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এই স্বীকৃতি প্ৰদান কৰিছিল।

Also Read: আমাৰ ওপৰত বিশ্বাস ৰাখকঃ বাংলাদেশৰ জনতালৈ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰথমটো আহ্বান...

National Award for Excellence in Journalism 2023