ডিজিটেল ডেস্কঃ অৱশেষত বাংলাদেশত গঠন হল অন্তৱৰ্তীকালীন চৰকাৰ। ব্যাপক হিংসা-হত্যাৰ পাছত বাংলাদেশত শান্তি স্থাপনৰ উদ্দেশ্যৰে নোবেল বটাঁ বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হল অন্তৱৰ্তীকালীন চৰকাৰ। ১৭জনীয়া প্ৰতিনিধি দলেৰে গঠিত এই চৰকাৰখনে বৃহস্পতিবাৰে নিশা ৮বজাত শপত গ্ৰহণ কৰে।
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে অন্তৱৰ্তীকালীন চৰকাৰ মুখ্য উপদেষ্টা ইউনুছ খানৰ সহিতে অন্য সদস্যসকলক শপত বাক্য পাঠ কৰায়। প্ৰায় ৪০০অতিথিৰ উপস্থিতিত এই অনুষ্ঠানটি ৰাষ্ট্ৰপতি ভৱনত সুকলমে অনুষ্ঠিত হৈ যায়।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰূপে শপত লোৱাৰ পাছত নোবেল বটাঁ বিজয়ী মহম্মদ ইউনুছে কয় যে, আমাৰ ওপৰত বাংলাদেশৰ জনতাই আস্থা ৰাখক। আমি সকলো শ্ৰেণীৰ লোকৰ আশা-আকাংক্ষা পৰ্যায়ক্ৰমে পূৰণ কৰাৰ চেষ্টা কৰিম। হিংসাত্মক পথ পৰিহাৰ কৰক, শান্তিয়েহে বাংলাদেশৰ সমৃদ্ধি ঘূৰাই আনিব।
উল্লেখ কৰা প্ৰয়োজন যে, গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখনৰ প্ৰধান উপদেষ্টা ড০ মহম্মদ ইউনুছক নিৰ্বাচিত কৰাৰ বিপৰীতে আন ১৬গৰাকী প্ৰতিনিধি হৈছে- সালেৰ উদ্দিন আহমেদ, ড০ আছিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছাৰ আৰিফ, তোহিদ ছোখেন, ছৈয়দা ৰিজওৱানা হাছান, মঃ নাহিদ ইছলাম, আছিফ মঃ সজীৱ ভূঞা, এম ছাখাওৱাত হুচেইন, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ, বিধান ৰঞ্জন ৰায়, খালিদ হাছান, নুৰহাজান বেগম, শাৰমিন মুৰশিদ আৰু ফাৰুকী আযম।
উল্লেখ কৰা প্ৰয়োজন যে, সংৰক্ষণ বিষয়ক লৈ আৰম্ভ হোৱা আন্দোলনে বাংলাদেশত ব্যাপক ৰূপ লৈছিল। প্ৰায় ৩শতাধিক লোকৰ মৃত্যু হোৱা এই আন্দোলনৰ ভয়ংকৰ ৰূপ দেখি সমগ্ৰ পৰিস্থিতি চম্ভালিবলৈ সেনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰীক পদত্যাগ কৰিবলৈ হেচাঁ দিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতে সেনাৰ সহযোগত বাংলাদেশত গঠন হল অন্তৱৰ্তীকালীন চৰকাৰ