নাৰী কল্যাণ মঞ্চ, অসমৰ স্মৃতিগ্ৰন্থ উন্মোচন...

নাৰী কল্যাণ মঞ্চ, অসমৰ স্মৃতিগ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
নাৰী কল্যাণ মঞ্চ, অসমৰ স্মৃতিগ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাৰী কল্যাণ মঞ্চ, অসমৰ উদ্যোগত আৰু নতুন ফটাশিল টাউন হাইস্কুলৰ সহযোগত হাইস্কুল প্ৰাংগণতে দেওবাৰে পৰিৱেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ "তেজস্বিনী " শুভ উন্মোচন উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয় । বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰা সভাত মঞ্চৰ সভাপতি চফিউৰ ৰহমান শইকীয়াই সভাপতিত্বত কৰে ।

Advertisment

সভাৰ উদ্দেশ্য ব্যাখ্যাত ড০ অসমী গগৈয়ে নাৰী কল্যাণ মঞ্চৰ বিশাল চিন্তা, গতি-প্ৰকৃতি, নাৰীৰ বাক্ স্বাধীনতাৰ বিষয়ে কয়। আদৰণী ভাষণ আগবঢ়ায় নতুন ফটাশিল টাউন হাইস্কুলৰ অধ্যক্ষা পূৰৱী কলিতাই। "তেজস্বিনী" উন্মোচন কৰি বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুচেইনে সমাজৰ বহুদিশ সামৰি উন্মোচনী ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে। ভাষণ প্ৰসংগত তেখেতে মহিলাসকলে চাকৰি, ঘৰ-সংসাৰ সকলো চম্ভালি সামাজিক কামতো আত্মনিয়োগ কৰিব পৰা গুণৰ শলাগ লয়।

সভাৰ বিশিষ্ট অতিথি ড° কানন বৰদলৈয়ে তেখেতৰ নাতিদীৰ্ঘ ভাষণেৰে নাৰী কল্যাণ মঞ্চৰ ভৱিষ্যত কাৰ্যক্ৰমণিকাত সহযোগিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। সমজুৱাৰ একাষাৰত সুবক্তা প্ৰবোধ দাসদেৱে তেখেতৰ স্বভাৱসুলভ আকৰ্ষণীয় কথনভংগীৰে সকলোকে মুগ্ধ কৰে। অখিল গোস্বামীয়েও নিজৰ ভাষণত পৰিৱেশ সজাগতাৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য ডাঙি ধৰে।

জ্যেষ্ঠ সদস্য ইন্দ্ৰজিত দত্ত , বৰপেটাৰ সুবক্তা ৰঞ্জন কুমাৰ দাস আৰু চৰকাৰী পেঞ্চনাৰ সন্থা , অসমৰ প্ৰধান সম্পাদক ড° কমল বৰাই সুন্দৰ বক্তৃতা প্ৰদান কৰে । সভাপতি চফিউৰ ৰহমান শইকীয়াই সভাপতিৰ ভাষণ প্ৰসংগত পৰিবেশ সজাগতাৰ বিষয়ে কৈ বৃক্ষৰোপণতকৈ বৃক্ষৰ প্ৰতিপালন আৰু সংৰক্ষণৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰাৰ কথা কয়। শলাগৰ শৰাই আগবঢ়ায় কোষাধ্যক্ষ গীতাঞ্জলি বৰা বৰদলৈয়ে।

Also Read: বন্যহস্তীৰ উপদ্ৰৱ: নিদ্ৰা হৰিছে সীমান্তবাসী ৰাইজৰ

book published guwahati