/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/83ebc069-cf7e-43be-8cc0-0047653d7802/4.jpg)
ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ।
আজি কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে কেইবাটাও ভাগত বিভক্ত হৈ সীমান্তৰ গাঁওবোৰত খেতি পথাৰ শস্য খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি বিধস্ত কৰিছে ৷ শনিবাৰে নিশাও বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে ১ নং পাহাৰপুৰত নৰ বাহাদুৰ কাৰ্কী, চবিন সুত্ৰধৰ, ৰবেট চৰেনৰ বাসগৃহ ভাঙি চূড়মাৰ কৰে।
হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকসকল। বনৰীয়া হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে ভাৰত ভূটান সীমান্তত ৰাইজ৷
Also Read: চি আই ডি-আৰক্ষীৰ জালত মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত আন এজন অভিযুক্ত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us