মোডী বিগ্ৰেডঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা

মোডী বিগ্ৰেডঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা

author-image
Asomiya Pratidin
New Update
মোডী বিগ্ৰেডঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা

ডিজিটেল ডেস্কঃ ক্ৰমাগত তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীয়ে। আজি সন্ধিয়া ৭.১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে। মোডীক শপত বাক্য পাঠ কৰাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত ৮ হাজাৰৰো অধিক অতিথি উপস্থিত থাকে।

Advertisment

উল্লেখ কৰাটো প্ৰয়োজন যে, মোডীৰ মুঠ ৭১ জনীয়া মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে ৩০ গৰাকী সাংসদে শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ দুগৰাকীকৈ সাংসদে। লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰীৰূপে আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আজি ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এইবাৰ ৫ গৰাকী সাংসদে স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিছে। ইয়াৰোপৰি ৩৬ গৰাকীয়ে ৰাজ্যমন্ত্ৰী হিচাপে শপত লয়। এইবেলি নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীয়েও মন্ত্ৰীসভাত স্থান লাভ কৰিছে। মোডী মন্ত্ৰীসভাত স্থান লাভ কৰাসকল ক্ৰমে-

■ কেবিনেট মন্ত্ৰী-

১) নৰেন্দ্ৰ মোডী ( গুজৰাট )

২) ৰাজনাথ সিং ( উত্তৰ প্ৰদেশ )

৩) অমিত শ্বাহ ( গুজৰাট )

৪) শিৱৰাজ সিং চৌহান ( মধ্যপ্ৰদেশ )

৫) মনোহৰ লাল ( হাৰিয়ানা )

৬) এচ জয়শংকৰ ( গুজৰাট, ৰাজ্যসভা )

৭) জে পি নাড্ডা ( হিমাচল প্ৰদেশ, ৰাজ্যসভা )

৮) নীতিন গাডকাৰী ( মহাৰাষ্ট্ৰ )

৯) ধৰ্মেন্দ্ৰ প্ৰধান ( উৰিষ্যা )

১০) নিৰ্মলা সীতাৰমন ( তামিলনাডু )

১১) জীতনৰাম মান্ঝী ( বিহাৰ )

১২) লালন সিং ( বিহাৰ )

১৩) সৰ্বানন্দ সোণোৱাল ( অসম )

১৪) ড° বীৰেন্দ্ৰ কুমাৰ ( মধ্যপ্ৰদেশ )

১৫) কিঞ্জাৰাপু ৰামমোহন নাইডু ( অন্ধ্ৰপ্ৰদেশ )

১৬) প্ৰহ্লাদ ভেংকটেশ যোশী ( কৰ্ণাটক )

১৭) জুৱেল ওৰাম ( উৰিষ্যা )

১৮) গিৰিৰাজ সিং ( বিহাৰ )

১৯) অশ্বিনী বৈষ্ণৱ ( উৰিষ্যা, ৰাজ্যসভা )

২০) জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া ( মধ্যপ্ৰদেশ )

২১) ভূপেন্দ্ৰ য়াদৱ ( ৰাজস্থান )

২২) গজেন্দ্ৰ সিং শেখাৱট ( ৰাজস্থান )

২৩) অন্নপূৰ্ণা দেৱী ( ঝাৰখাণ্ড )

২৪) কিৰেন ৰিজুজু ( অৰুণাচল প্ৰদেশ )

২৫) হৰদীপ সিং পুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

২৬) ড° মনচুখ মাণ্ডৱিয়া ( গুজৰাট )

২৭) জী কিশন ৰেড্ডী ( তেলেংগানা )

২৮) চিৰাগ পাচৱান ( বিহাৰ )

২৯) চি আৰ পাটিল ( গুজৰাট )

৩০) পীযুষ গোৱেল ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

■ ৰাজ্যমন্ত্ৰী ( স্বতন্ত্ৰ )

৩১) ডাঃ জীতেন্দ্ৰ সিং ( জম্মু কাশ্মীৰ )

৩২) অৰ্জুন ৰাম মেঘৱাল ( ৰাজস্থান )

৩৩) প্ৰতাপ ৰাও গণপত ৰাও যাদৱ ( মহাৰাষ্ট্ৰ )

৩৪) জয়ন্ত চৌধুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

৩৫) ৰাও ইন্দ্ৰজিৎ সিং ( হাৰিয়ানা )

■ ৰাজ্যমন্ত্ৰীসকল

৩৬) জিতিন প্ৰসাদ ( উত্তৰ প্ৰদেশ )

৩৭) পংকজ চৌধুৰী ( উত্তৰ প্ৰদেশ )

৩৮) কিষণ পাল ( হাৰিয়ানা )

৩৯) ৰামদাস আঠাৱালে ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

৪০) ৰামনাথ ঠাকুৰ ( বিহাৰ, ৰাজ্যসভা )

৪১) নিত্যানন্দ ৰায় ( বিহাৰ )

৪২) অনুপ্ৰিয়া পেটেল ( উত্তৰ প্ৰদেশ )

৪৩) ভি সোমন্না ( কৰ্ণাটক )

৪৪) ড° প্ৰেম্মাচানী চন্দ্ৰশেখৰ ( অন্ধ্ৰপ্ৰদেশ )

৪৫) এচ পি সিং বাঘেল ( উত্তৰ প্ৰদেশ )

৪৬) শোভা কৰণ্ডলাজে ( কৰ্ণাটক )

৪৭) কীৰ্তিৱৰ্ধন সিং ( উত্তৰ প্ৰদেশ )

৪৮) বনৱাৰী লাল বাৰ্মা ( উত্তৰ প্ৰদেশ )

৪৯) শান্তনু ঠাকুৰ ( পশ্চিমবংগ )

৫০) সুৰেশ গোপী ( কেৰালা )

৫১) শ্ৰীপদ য়েছু নায়িক ( গোৱা )

৫২) ড° এম মুৰুগান ( মধ্যপ্ৰদেশ, ৰাজ্যসভা )

৫৩) অজয় টমটা ( উত্তৰাখণ্ড )

৫৪) বণ্ডী সঞ্জয় কুমাৰ ( তেলেংগানা )

৫৫) কমলেশ পাচোৱান ( উত্তৰ প্ৰদেশ )

৫৬) ভগীৰথ চৌধুৰী ( ৰাজস্থান )

৫৭) সতীশ চন্দ্ৰ ডুবে ( বিহাৰ, ৰাজ্যসভা )

৫৮) সঞ্জয় শেঠ ( ঝাৰখাণ্ড )

৫৯) ৰৱনীত সিং বিট্টু ( পঞ্জাৱ )

৬০) দুৰ্গা দাস উইকে ( মধ্যপ্ৰদেশ )

৬১) ৰক্ষা নিখিল খডছে ( মহাৰাষ্ট্ৰ )

৬২) সুশান্ত মজুমদাৰ ( পশ্চিমবংগ )

৬৩) সাবিত্ৰী ঠাকুৰ ( মধ্যপ্ৰদেশ )

৬৪) টোখন চাহু ( মধ্যপ্ৰদেশ )

৬৫) ড° ৰাজভূষণ চৌধুৰী ( বিহাৰ )

৬৬) ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা ( অন্ধ্ৰপ্ৰদেশ )

৬৭) হৰ্ষদ্বীপ মালহোট্ৰা ( নতুন দিল্লী )

৬৮) নিমুবেন বামভানিয়া ( গুজৰাট )

৬৯) মুৰুলীধৰ মোহুল ( মহাৰাষ্ট্ৰ )

৭০) জৰ্জ কোৰিয়ান ( কেৰালা )

৭১) পবিত্ৰ মাৰ্ঘেৰিটা ( অসম, ৰাজ্যসভা )

Also Read: ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ...

modi new ministry 2024 narendra modi new ministry narendra modi new ministry 2024