/asomiyapratidin/media/media_files/2025/07/22/1-2025-07-22-16-41-13.jpg)
ডিজিটেল ডেস্কঃ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।২৩- ২৪ জুলাইত ব্ৰিটেইন লগতে ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। জানিব পৰা মতে, মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীক।
এই ভ্ৰমণৰ সময়ত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শ্ৰী মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিটো তথ্য প্ৰদান কৰিছে। ব্ৰিটেইন আৰু ভাৰতৰ বাণিজ্যিক সম্পৰ্ক কিদৰে মজবুত কৰা হ’ব সেই সন্দৰ্ভত বহু তথ্য প্ৰকাশ কৰিছে বৈদেশিক সচিব গৰাকীয়ে।
শ্ৰী মিশ্ৰীয়ে কয় যে, ২৩ আৰু ২৪ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম পৰ্যায়ৰ ভ্ৰমণৰ কাৰ্যসূচী হিচাপে ব্ৰিটেইনত উপস্থিত থাকিব, য’ত তেওঁ ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব। এই চুক্তিয়ে শুল্ক হ্ৰাস কৰি ব্ৰিটেইনলৈ ভাৰতীয় ৰপ্তানিৰ ৯৯ শতাংশত প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা ভাৰতো লাভৱান হ’ব। লক্ষ্যণীয় যে, এই চুক্তিৰ পাছত হুইস্কি আৰু গাড়ীৰ দৰে ব্ৰিটিছ ৰপ্তানি সহজ হৈ পৰিব।
তেওঁ লগতে কয়, ২০২১ চনত ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছিল। তেতিয়াৰ পৰা নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আদান-প্ৰদান চলি আহিছে আৰু এই অংশীদাৰিত্বক আৰু উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বাবে দুয়োপক্ষ প্ৰতিশ্ৰুতিবদ্ধ।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আৰু কয় যে, ২০২৩-২৪ চনত আমাৰ দ্বিপাক্ষিক বাণিজ্যই ৫৫ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল। ইয়াৰ উপৰিও ব্ৰিটেইন ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ সন্দৰ্ভত বিক্ৰম মিশ্ৰীয়ে কয় যে, ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্ৰমণ কৰিব শ্ৰী মোদীয়ে। দৰাচলতে মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী।
২০২৩ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণৰ তৃতীয়টো আৰু ৰাষ্ট্ৰপতি মুইজুৱে আয়োজন কৰা চৰকাৰৰ মুৰব্বীৰ প্ৰথমটো ৰাজ্যিক ভ্ৰমণ।