নিৰ্বাচনী প্ৰচাৰ সামৰি ধ্যানত মগ্ন মোডী...

নিৰ্বাচনী প্ৰচাৰ সামৰি ধ্যানত মগ্ন মোডী...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী প্ৰচাৰ সামৰি ধ্যানত মগ্ন মোডী...

ডিজিটেল ডেস্কঃ তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰকত ৪৮ঘণ্টা ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩০ মে’ত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ পৰ্ব শেষ হয়। নিৰ্বাচনী প্ৰচাৰ শেষ কৰি বৃহস্পতিবাৰে বিয়লি কন্যাকুমাৰীত উপস্থিত হৈ ধ্যানত বহে প্ৰধানমন্ত্ৰীগৰাকী। প্ৰায় ৫০০ মিটাৰ দূৰত সমুদ্ৰৰ ওপৰত অৱস্থিত বিবেকানন্দ ৰক।

Advertisment

উল্লেখযোগ্য যে ১ জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১ জুন পৰ্যন্ত ধ্যানমগ্ন হৈ থাকিব প্ৰধানমন্ত্ৰী মোডী। উল্লেখ্য যে, প্রধানমন্ত্ৰীগৰাকীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পাছতো কেদাৰনাথৰ ৰুদ্ৰগুহাত ধ্যানত বহিছিল।

প্ৰাণিধানযোগ্য যে ১৮৯৩চনত চিকাগোৰ ধৰ্ম সন্মিলনলৈ গৈছিল স্বামী বিবেকানন্দ। সেই সন্মিলনলৈ যোৱাৰ পূৰ্বে স্বামী বিবেকানন্দই যি স্থানত ধ্যানত মগ্ন হৈছিল সেই স্থানতে ৪৮ঘন্টাৰ বাবে ধ্যানত মগ্ন হ'ব প্ৰধানমন্ত্ৰীগৰাকী।

Also Read: অসম সাহিত্য সভাৰ সপ্তম পূর্ণাংগ কার্যনির্বাহক সভা নগাঁৱত অনুষ্ঠিত কৰাৰ বাবে আমন্ত্রণ

LOKSABHA 2024 narendra modi