Advertisment

অসম সাহিত্য সভাৰ সপ্তম পূর্ণাংগ কার্যনির্বাহক সভা নগাঁৱত অনুষ্ঠিত কৰাৰ বাবে আমন্ত্রণ

অসম সাহিত্য সভাৰ সপ্তম পূর্ণাংগ কার্যনির্বাহক সভা নগাঁৱত অনুষ্ঠিত কৰাৰ বাবে আমন্ত্রণ

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ সপ্তম পূর্ণাংগ কার্যনির্বাহক সভা নগাঁৱত অনুষ্ঠিত কৰাৰ বাবে আমন্ত্রণ

ডিজিটেল সংবাদ,নগাঁও : অসম সাহিত্য সভাৰ অন্যতম জিলা সমিতি নগাঁও জিলা সাহিত্য সভা। নগাঁও জিলা সাহিত্য সভাই কেন্দ্রীয় সপ্তম পূর্ণাংগ কার্য্যনির্বাহক সভাখন নগাঁৱলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এক প্ৰস্তাৱ গ্ৰহন কৰে ৷

Advertisment

জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আৰু সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই বৃহস্পতিবাৰে এই সম্পৰ্কে কেতবোৰ কথা কয়। তেঁওলোকে উল্লেখ কৰে যে ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত ডুমডুমাত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় কার্যনির্বাহক সভাত নগাঁও জিলা সাহিত্য সভাৰ প্রতিনিধিৰূপে উপস্থিত আছিল জিলাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট কবি কবি পৰান কুমাৰ বৰুৱা।

বিশিষ্ট কবি বৰুৱা উপস্থিত থাকি কেন্দ্রীয় কার্যনিবাহক সভাত আমন্ত্ৰণী প্ৰস্তাৱটো দাঙি ধৰিছিল। লগতে সভাৰ কার্যবিৱৰণীত প্ৰস্তাৱটো লিপিবদ্ধ হৈছিল।

উল্লেখ্য যে বাৰপূজীয়া অধিবেশনৰ প্রতিনিধি সভাতো বিষয়টো নগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা উথাপন কৰা হৈছিল ৷ শেহতীয়াকৈ যোৱা ২৫ আৰু ২৬ মে’ত হোজাইৰ জিলাৰ কাকীত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চম কার্যনির্বাহক সভাত পুনৰ জিলা প্রতিনিধি পৰান কুমাৰ বৰুৱা, ৰতিমোহন নাথ আৰু বিনু লম্বৰ ঠাকুৰীয়াই বিষয়টো লিখিতভাৱে সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, উপসভাপতি গিৰীশ সন্দিকৈ আৰু সাধাৰণ সম্পাদন ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ মজিয়াত ২০১১-১৩ বর্ষ আৰু ২০২০-২৩ বর্ষত দুবাৰকৈ শ্রেষ্ঠ জিলাৰ সন্মান বুটলিবলৈ সক্ষম হোৱা নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত পূর্বতে কোনো কেন্দ্রীয় কার্যনির্বাহন সভা অনুষ্ঠিত হোৱা নাই। সেয়ে জিলা সাহিত্য সভাই নগাঁৱবাসীৰ হৈ জনোৱা এই আমন্ত্রণ কেন্দ্রীয় সামতিয়ে এইবাৰ গ্ৰহন কৰিব বুলি সকলো আশাবাদী।

এই সম্পৰ্কে জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই কয় - মৌখিকভাৱে এটি আশ্বাস লাভ কৰিছোঁ ৷ অতি সোনকালেই কেন্দ্ৰীয় নেতৃত্বই আমাক আনুষ্ঠানিকভাৱে জনাব বুলি নিশ্চিত হৈ গভীৰ আগ্ৰহৰে বাট চাই আছোঁ ৷

Also Read: প্ৰতিকূল বতৰ : শিলচৰত দুচকীয়া বাহন চলাচলত নিষেধাজ্ঞা

asom sahitya sabha