নয়ন ব্ৰহ্মক নৰেন বৰ্মন সোঁৱৰণী বঁটা প্ৰদান...

সভাত এন এন বৰ্মন নিউজ পেপাৰ এজেঞ্চিৰ স্বত্বাধিকাৰী প্ৰয়াত নৰেন বৰ্মনৰ পত্নী সবিতা বৰ্মন, জ্যেষ্ঠ পুত্ৰ সুশান্ত বৰ্মন, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
নয়ন ব্ৰহ্মক নৰেন বৰ্মন সোঁৱৰণী বঁটা প্ৰদান...

নয়ন ব্ৰহ্মক নৰেন বৰ্মন সোঁৱৰণী বঁটা প্ৰদান

ডিজিটেল সংবাদ, বৰমাঃ নয়ন ব্ৰহ্মক নৰেন বৰ্মন সোঁৱৰণী বঁটা প্ৰদান। বাক্সা জিলাৰ অন্তৰ্গত মেৰকুছিৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মেৰকুছি কেন্দ্ৰৰ পৰা প্ৰথমস্থান প্ৰাপ্ত ছাত্ৰক সোমবাৰে নৰেন বৰ্মন সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰে ।

Advertisment

আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত নৰেন বৰ্মন সোঁৱৰণী শৈক্ষিক বঁটা ও আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ নয়ন ব্ৰহ্মক এই শৈক্ষিক বঁটা প্ৰদান কৰে।

সভাত এন এন বৰ্মন নিউজ পেপাৰ এজেঞ্চিৰ স্বত্বাধিকাৰী প্ৰয়াত নৰেন বৰ্মনৰ পত্নী সবিতা বৰ্মন, জেষ্ঠ পুত্ৰ সুশান্ত বৰ্মন, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত থাকে।

উল্লেখ্য যে নৰেন বৰ্মন সোঁৱৰণি শৈক্ষিক বঁটাটো এন এন বৰ্মন নিউজ পেপাৰ এজেঞ্চিৰ স্বত্বাধিকাৰী নৰেন বৰ্মনে স্বৰ্গগামী হোৱাৰ পিছৰ বছৰৰ পৰা পাঁচ বছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মেৰকুছি কেন্দ্ৰৰ ভিতৰত উৰ্ত্তীণ হৈ প্ৰথম হোৱা এজন ছাত্ৰ বা ছাত্ৰীক প্ৰদান কৰি আহিছে। উক্ত বঁটাত আছে এখন মানপত্ৰ আৰু কিতাপৰ টোপোলা।

আৰু পঢ়কঃ নগাঁৱত হেৰ’ইনসহ দুজনক আটক...

assam baksa