/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f853d245-f3eb-4758-b3a1-4924d92032ab/drug.jpg)
হেৰ’ইনসহ আটক
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আটক কৰিছে দুজনকৈ ব্যৱসায়ীক ৷ আটক কৰা ব্যৱসায়ী দুজনৰ ভিতৰত এগৰাকী মহিলা আৰু আনজন পুৰুষ ৷ দুয়োজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমানৰ হেৰ’ইন ৷
জানিব পৰা মতে ধিঙ গেইটৰ ইণ্ডিয়ান পেট্ৰলপাম্পৰ সন্মূখৰ পৰা হেৰ’ইনসহ আটক কৰে আনোৱাৰ দফটাৰীক ৷ তেল ডিপোৰ সন্মূখত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ৫১ টা কন্টেনাৰসহ ৩৭ বছৰীয়া যুৱকজনক আটক কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/21421868-6389-4bc1-91f0-37d9153ddaad/drug1.jpg)
ইফালে নাৰমাৰীৰ পৰা হেৰ’ইনসহ আটক কৰে ৰশ্মীনা খাতুন মহিলাগৰাকীক ৷ ২৫ বছৰীয়া খাতুনে নিজৰ ঘৰৰ পৰা ড্ৰাগছ বিক্ৰি কৰি থকা খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৷ এই অভিযানৰ কালতে ৪৩ টা কন্টেনাৰসহ হেৰ’ইন উদ্ধাৰ কৰে ৷ ইয়াৰ বাহিৰেও চাবোনৰ বক্সত থকা বুজন সংখ্যক হেৰ’ইন উদ্ধাৰ কৰে ৷
আৰু পঢ়কঃ ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...