/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cbedb699-2aea-414d-bfd0-7b268d7e6011/mechine.jpg)
ক্ৰেছাৰ মেচিনত বিজুতিঃ তিনি শ্ৰমিক গুৰুতৰভাৱে আহত
ডিজিটেল সংবাদ,নামৰূপঃ ক্ৰেচাৰ মেচিন বিজুতিৰ ফলত আঘাতপ্ৰাপ্ত শ্ৰমিক। নামৰূপ থানাৰ অন্তৰ্গত দিল্লীঘাট চাৰি নম্বৰত অৱস্থিত এটা ক্ৰেছাৰ মেচিনত কাম কৰি থকা অৱস্থাতে মেচিনৰ চকা খোল খাই ৩গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
আহত শ্ৰমিক ৩গৰাকী ক্ৰমে মুন্নী তাঁতী(২৩), মুনীয়া হৰিজন(২৭) আৰু ৰশ্মি তাঁতী (২৫) । আন শ্ৰমিক সকলৰ লগতে উক্ত তিনিও গৰাকী মহিলাই সিঙ ক্ৰেছাৰ মেচিনত পুৱাৰ পৰাই কাম শিল ভঙা কামত নিয়োজিত আছিল।
জানিব পৰা মতে হঠাতে মেচিনৰ বিজুতি ঘটি চকা খোল খাই মেচিনৰ পৰা ওলাই আহি তিনিও গৰাকী মহিলাক মহতিয়াই লৈ যায়। ফলত শ্ৰমিক কেইগৰাকীৰ মূৰত আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত মহিলা কেইগৰাকীক ততাতৈয়াকৈ নামৰূপ চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰে ৰশ্মি তাঁতী নামৰ শ্ৰমিক গৰাকীৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে।
আনহাতে ঘটনা সন্দৰ্ভত বিয়লি লৈ ডিব্ৰুগড় শ্ৰম পৰিদৰ্শক অভ্ৰ জ্যোতি শৰ্মা ঘটনা থলীত উপস্থিত হয় আৰু শ্ৰমিক সকলক ন্যায্য প্ৰদানৰ আশ্বাস দিয়ে।
আৰু পঢ়কঃ বিমুদ্ৰাকৰণ বিফল ! বিজেপি সাংসদে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে খুলিলে মুখ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us