বিমুদ্ৰাকৰণ বিফল ! বিজেপি সাংসদে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে খুলিলে মুখ...

বিমুদ্ৰাকৰণ বিফল ! বিজেপি সাংসদে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে খুলিলে মুখ...
বিমুদ্ৰাকৰণ বিফল ! বিজেপি সাংসদে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে খুলিলে মুখ...

ডিজিটেল ডেস্কঃ ২০০০ টকীয়া নোট মানেই ক'লা ধন !চৰকাৰে ২০০০ টকীয়া নোট বন্ধ কৰিব লাগে।- এই দাবী ৰাজ্যসভাৰ বিজেপি সাংসদ সুশীল মোডীৰ।

ক্ষমতালৈ অহাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'লাধন ঘূৰাই অনাৰ লগতে দুৰ্নীতি মুক্ত আৰু সন্ত্ৰাসমুক্ত ভাৰত গঢ়িবলৈ ২০১৬ ৰ ৮ নৱেম্বৰৰ নিশা বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি একেটা নিশাতেই অচল হৈ পৰিছিল ১০০০ আৰু ৫০০ টকীয়া নোট।

ইয়াৰ বিপৰীতে ভাৰতত মেলি দিছিল নতুন ৫০০ আৰু ২০০০ টকীয়া নোট। যি উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী মোডীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই উদ্দেশ্য যে সফল নহ'ল সেয়া ইতিমধ্যে প্ৰমাণ হৈছে।

ইফালে নতুন নোট বজাৰলৈ অহাৰ পিছতে পুনৰ অসাধু চক্ৰই নকল নোট বজাৰত মেলি দিয়াৰো বিভিন্ন সময়ত তথ্য পোহৰলৈ আহিছে। তাৰ মাজতে বিজেপি সাংসদ সুশীল মোডীৰ এই দাবীয়ে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

ৰাজ্যসভাত ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত হোৱা এক আলোচনাৰ সময়ত মোডীয়ে কয় যে, ক'লা ধন, সন্ত্ৰাসবাদীৰ পুঁজি, ড্ৰাগছ, চোৰাং ব্যৱসায় আদিৰ বাবে ২,০০০ টকাৰ নোট ব্যৱহাৰ কৰা হৈছে। যদি ক'লা ধন বন্ধ কৰিব লগা হয়, তেন্তে ২০০০ টকাৰ নোট বন্ধ কৰিব লাগিব। এতিয়া ২০০০ টকাৰ নোট প্ৰচলনৰ কোনো যুক্তিযুক্ততা নাই।

তেওঁ কয়, "যদি আমি আমেৰিকা যুক্তৰাজ্য, চীন, জাৰ্মানী, জাপানৰ দৰে মুখ্য উন্নত অৰ্থনীতিবোৰলৈ লক্ষ্য কৰোঁ, তেন্তে তেওঁলোকৰ ওচৰত ১০০ টকাৰ ওপৰত কোনো মুদ্ৰা নাই। সেয়েহে, কেন্দ্ৰীয় চৰকাৰে ইয়াক বিবেচনা কৰা উচিত আৰু ইয়াক ক্ৰমান্বয়ে নিষিদ্ধ কৰা উচিত। যাতে মানুহে ২০০০ টকাৰ নোট সলনি কৰিব পাৰে।

উল্লেখ্য যে, ৰিজাৰ্ভ বেংকে ২০০০ টকাৰ নোট ছপা কৰা বন্ধ কৰিছে। লাহে লাহে বজাৰৰ পৰাও ২০০০ টকাৰ নোট নোহোৱা হৈছে। সুসীল মোডীৰ ৰাজ্যসভাৰ এই মন্তব্যই এতিয়া আগন্তুক সময়ত ২০০০ টকীয়া নোট সম্পূৰ্ণ ৰূপে বন্ধ হ'ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰ উপৰিও সুশীল মোডীয়ে সাংসদসকলৰ কেন্দ্ৰীয় বিদ্যালয় কোটা বাতিল কৰাৰো দাবী উত্থাপন কৰিছে। তেওঁ কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যৰ কেন্দ্ৰীয় বিদ্যালয় কোটা বাতিল কৰিবলৈ দাবী জনাইছে।

ইফালে সুশীল মোডীৰ এই মন্তব্যৰ পিছতে এতিয়া বিজেপিক উভতি ধৰিছে বিৰোধী দলসমূহে। জি ডি (ইউ)ৰ মুখপাত্ৰ অভিষেক কুমাৰ ঝাই এই সন্দৰ্ভত কয় যে, সুশীল মোডীৰ মন্তব্য তেওঁৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে। তেওঁৰ দলৰ চৰকাৰেই প্ৰথমে বিমুদ্ৰাকৰণেৰে ১০০০ টকীয়া নোট নিষিদ্ধ কৰি ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰিছিল। এতিয়া তেওঁলোকে নিজৰ চৰকাৰকে প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ সুশীল মোডীক কেৱল ৰাজ্যসভাত ভাষণ দিয়াৰ মাজতে আৱদ্ধ নাথাকিবলৈ পৰামৰ্শ দি কয়, বিজেপি দলৰ ভিতৰতো এইবোৰ কথাৰ বিৰোধিতা কৰক।

আনহাতে কংগ্ৰেছৰ মুখপাত্ৰ অসিত নাথ তিৱাৰীয়ে এই সন্দৰ্ভত কয়, এয়া আশ্চৰ্যজনক। সুশীল মোডীজীৰ এই মন্তব্যক আদৰণি জনোৱা উচিত।

অৱশ্যে তিৱাৰীয়ে সমালোচনা কৰি কয়, যেতিয়া জ্যেষ্ঠ মোডীয়ে (নৰেন্দ্ৰ মোডী) ২,০০০ টকাৰ নোট আনিছিল, কনিষ্ঠ মোডী (সুশীল মোডী) য়ে কৈছিল, তেওঁ (প্ৰধানমন্ত্ৰী মোডী) সন্ত্ৰাসবাদৰ পিঠি ভাঙিছে। এতিয়া তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in