এফালে ৰাসৰ আনন্দ, আনফালে নলবাৰীত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৬ জনৰ

ৰাসৰ আনন্দৰ মাজতেই নলবাৰীত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা। দুটা পৃথক স্থানত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হয় ৬ জনৰ।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক: ৰাসৰ আনন্দৰ মাজতেই নলবাৰীত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা। দুটা পৃথক স্থানত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হয় ৬ জনৰ।

Advertisment

বুধবাৰে নিশাৰ ভাগত নলবাৰীৰ বানেকুছিত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই দলঙৰ ৰেলিঙত চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাৰ ফলত নিহত লোক কেইজন ক্ৰমে- জাহেদুৰ ৰহমান, অজিত চলিহা, উৎপল শালৈ, প্রণৱ শালৈ, গাড়ী চালক শংকৰ দাস। লগতে গুৰুতৰভাৱে আহত অভিজিত কলিতা বৰ্তমান নলবাৰীত চিকিৎসাধীন হৈ আছে আৰু সংকটনজক অৱস্থাত ইয়াজুল ৰহমানক GMCHলৈ প্রেৰণ কৰা হৈছে। আনহাতে এজন যুৱক সুস্থ আছে। বাহন খনৰ লোক কেইজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। বাহন খনত মুঠ ৮ জন লোক আছিল।

ইফালে ঘগ্রাপাৰতো সংঘটিত আন এক দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰিলে বাহনে। যাৰ ফলত ঘটনাস্থলীতে নিহত পৰিস্মিতা কলিতা নামৰ এগৰাকী যুৱতীৰ। লগতে আহতদ্বয় সুস্মিতা কলিতা আৰু ভাস্কৰ কলিতা। পলাশবাৰীত ৰাস মহোৎসৱ উপভোগ কৰি নলবাৰী অভিমুখে আহি আছিল বাহনখন আৰু তেতিয়াই সংঘটিত হয় এই দুৰ্ঘটনা।

আৰু পঢ়ক: হিমাচল প্ৰদেশত তাপমাত্ৰা নামিল -৬ ডিগ্ৰী ছেলচিয়াচৰ তললৈ, তুষাৰপাতত বন্ধ প্ৰায় ১০০টা পথ...

assam road accident nalbari