হিমাচল প্ৰদেশত তাপমাত্ৰা নামিল -৬ ডিগ্ৰী ছেলচিয়াচৰ তললৈ, তুষাৰপাতত বন্ধ প্ৰায় ১০০টা পথ...

বিগত কেইদিন মান ধৰি হিমাচল প্ৰদেশত হৈ আছে তুষাৰপাত। তিনিদিন ধৰি তুষাৰপাতৰ বাবে হিমাচল প্ৰদেশৰ ওখ অঞ্চলৰ ১০০ ৰো অধিক পথ বন্ধ কৰি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
হিমাচল প্ৰদেশত তাপমাত্ৰা  নামিল -৬ ডিগ্ৰী ছেলচিয়াচৰ তললৈ, তুষাৰপাতত বন্ধ প্ৰায় ১০০টা পথ...

himachal

ডিজিটেল ডেস্ক: বিগত কেইদিন মান ধৰি হিমাচল প্ৰদেশত হৈ আছে তুষাৰপাত। তিনিদিন ধৰি তুষাৰপাতৰ বাবে হিমাচল প্ৰদেশৰ ওখ অঞ্চলৰ ১০০ ৰো অধিক পথ বন্ধ কৰি দিয়া হৈছে।

Advertisment

চৰকাৰী সূত্ৰই বুধবাৰে এই তথ্য প্ৰদান কৰিছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰ অনুসৰি, কুল্লুত ছয়টা, কাংৰাত তিনিটা, চম্বাত দুটা আৰু মাণ্ডিত এটা পথ অৱৰোধ কৰা হৈছে। লাহৌল আৰু স্পিতিত ৯০ টা, ৰোহটাং পাছআৰু জলোৰী পাছৰ ৩ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩০৫ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈ আছে ।

বৰ্তমান পৰ্যন্ত প্ৰাণহানি বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই। যান-বাহন পুনৰুদ্ধাৰৰ কাম চলি আছে।

ওখ অঞ্চলত সমূহত শীতৰ প্ৰকোপ প্ৰায় বৃদ্ধি পাইছে। লাহৌল আৰু স্পিতিৰ কিলং ৰাজ্যত -৬.৯ ডিগ্ৰী চেলচিয়াছতকৈ কম তাপমাত্ৰা।

আৰু পঢ়ক: ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট উৎক্ষেপণৰ অনুমোদন...

snow fall winter himachal pradesh