নগাঁৱত ভোটাৰ তালিকা সংশোধনীৰ বাবে ১১৩৭৯৮ আবেদন গ্ৰহণ

নগাঁৱত ভোটাৰ তালিকা সংশোধনীৰ বাবে ১১৩৭৯৮ আবেদন গ্ৰহণ

author-image
Asomiya Pratidin
New Update
নগাঁৱত ভোটাৰ তালিকা সংশোধনীৰ বাবে ১১৩৭৯৮ আবেদন গ্ৰহণ

ডিজিটেল সংবাদ , নগাঁওঃভাৰতীয় নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ পৰা পোৱা নিৰ্দেশনা অনুসৰি ফটো যুক্ত ভোটাৰ তালিকাৰ নাম সমূহৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম চলি আছে । নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, নাম কৰ্তন আৰু সংশোধনৰ বাবে প্ৰ-পত্ৰ (প্ৰ-পত্ৰ নং ৬, প্ৰ-পত্ৰ নং ৭ আৰু প্ৰ-পত্ৰ নং ৮) নগাঁও নিৰ্বাচনী জিলাৰ নতুনকৈ নিৰ্ধাৰিত বিধানসভা সমষ্টি ক্ৰমে - ৫৫ নং ধিং বিধানসভা সমষ্টি, ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টি, ৫৮ নং চামগুৰি বিধানসভা সমষ্টি, ৫৯ নং বঢ়মপুৰ বিধানসভা সমষ্টি, ৬০ নং নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি আৰু ৬১ নং ৰহা (এছ.চি) বিধানসভা সমষ্টিৰ বাবে গ্ৰহণ কৰা হৈ আছে ।

Advertisment

বৰ্তমানলৈকে ৬ নং প্ৰ-পত্ৰ ৪৭০০০ খন, ৭ নং প্ৰ-পত্ৰ ৪১৭৭১ খন আৰু ৮ নং প্ৰ-পত্ৰ ২৫০২৭ খন লাভ কৰা হৈছে । উল্লেখযোগ্য যে, এই সকলো প্ৰ-পত্ৰ ই.চি.আইৰ নিৰ্দেশনা অনুসৰি প্ৰক্ৰিয়াকৰণ কৰা হৈছে আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ০৮ ফেব্ৰুবাৰী ধাৰ্য কৰা হৈছে।

Also Read: ভাৰত জোড়ো ন্য়ায় যাত্ৰাঃ কাইলৈ গোগামুখৰ পৰা লখিমপুৰ হৈ যাত্ৰা কৰিব অৰুণাচললৈ

Assam police