/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ff242980-6f65-4921-81a8-c0528727ec73/dfd.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইটকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ৷ তেওঁৰ পৰা দুৰ্নীতিৰ নীতি শিকিব পাৰিব দেশৰ আন মুখ্যমন্ত্ৰী সকলে - এই মন্তব্য দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ শুক্ৰবাৰে উত্তৰ পূবৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে ধেমাজি জিলাৰ গোগামুখ চাৰিআলিত অনুষ্ঠিত এখন বিশাল জনসভাত অংশ গ্ৰহন ৰাহুল গান্ধীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1ff30684-af04-4013-9475-9128d0cc88c9/e2ba6c35_03f1_4500_a252_4cc42c3f9e6f.jpg)
তেওঁ কয় যে, বিজেপি দুৰ্নীতিগ্ৰস্ত নেতাৰে ভৰপুৰ দল, জাত-পাতৰ ৰাজনীতিৰে দেশৰ ৰাজনীতি গেলাই পেলালে, দেশত এতিয়া সাংবিধানিক সংকটৰ সৃষ্টি হৈছে, গনতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৷ ইয়াত দেশৰ প্ৰতিটো কোনৰ জনসাধাৰণৰ ব্যাপক জন সমৰ্থনৰ বাবে শাসনাধিষ্ঠিত বিজেপি দল শংকিত হৈ পৰিছে ৷ এই ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ বিজেপি দলে নিকৃষ্ট পন্থাৰ আশ্ৰয় লোৱা বুলি ৰাহুলে উল্লেখ কৰে ৷
লগতে কয়, ভাৰত জোড়ো যাত্রা কৰি কংগ্ৰেছে দেশৰ সৰ্বসাধাৰণ জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ইফালে কংগ্রেছৰ এই ন্যায় যাত্রাক অসমৰ ৰাইজে গুৰুত্ব ব্যাপক সমৰ্থন আগবঢ়াইছে বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত বিৰোধী মৰ্চা ইণ্ডিয়াই সফলতা লাভ কৰিব বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e6976b28-7bd7-44d0-b003-fd3ef4f34e7b/955ad9b1_4a19_4f23_8afa_06087213252e.jpg)
উল্লেখ্য যে অসম তথা উত্তৰ পূবত কংগ্রেছৰ যুৱ নেতা বাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্রা কাৰ্যসূচী আৰম্ভ কৰিছে। মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা বৰ্তমান অসমত আছে।
শুক্ৰবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং, কে চি বেনুগোপাল, বিকাশ উপাধ্যায়, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি কমলেক্ষ দেৱ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, ৰানা গোস্বামী, সম্পাদক ভাস্কৰ দুৱৰা , ৰানী নৰহ আদি প্ৰায় সংখ্যক কংগ্ৰেছৰ নেতা উপস্থিত থাকে ৷ ৰাহুল গান্ধীয়ে ছিলিমপুৰৰ পৰা পদব্ৰজে আহি গোগামুখ চাৰিআলিৰ ট্ৰেফিক পইন্টত বিশাল জনসভাত অংশ গ্ৰহন কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ পৰা অসমৰ জনসাধাৰণে উন্নতিৰ মুখ নেদেখিলেও মুখ্যমন্ত্ৰীৰ পৰা দুৰ্নীতিৰ কথা শিকিব পাৰিব বুলি উল্লেখ কৰে ৷ ৰাহুল গান্ধীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মী সকল শুক্ৰবাৰে গোগামুখৰ ৰেলৱে কলনিত নিশা কটাব ৷ কাইলৈ পুৱা ৮.৩০ বজাতেই গোগামুখৰ পৰা লখিমপুৰ হৈ অৰুণাচললৈ যাত্ৰা কৰিব ৷
Also Read: আদালতে আৰক্ষীক দিলে বিশেষ অনুমতি...