ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নগাঁৱৰ ভাস্বত, সোণৰ পদক লাভ কৰিলে...

পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্ট এণ্ড আৰ্ট টিচাৰ্চ আৰ্ট ২০২২ প্ৰতিযোগিতাত ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰি নগাঁৱৰ ভাস্বত জ্ঞান কলিতাই সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে
ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নগাঁৱৰ ভাস্বত, সোণৰ পদক লাভ কৰিলে...

ডিজিটেল সংবাদ,নগাঁও : পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্ট এণ্ড আৰ্ট টিচাৰ্চ আৰ্ট ২০২২ প্ৰতিযোগিতাত ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰি নগাঁৱৰ ভাস্বত জ্ঞান কলিতাই সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ভাস্বত জ্ঞান কলিতাই অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰাৰ লগতে সোনৰ পদক লাভ কৰে ৷ ভাস্বত জ্ঞান কলিতা নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবছৰে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতা আয়োজন কৰে ৷ এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনিত তামিলনাডু , মহাৰাষ্ট্ৰ , গুজৰাট , অসম , গোৱা , উৰিষ্যা , কৰ্নাটক , পশ্চিমবংগ , পাঞ্জাব , ত্ৰিপুৰা , মধ্যপ্ৰদেশ , মিজুৰাম , কেৰেলা , মহাৰাষ্ট্ৰ , ৰাজস্হান , নতুন দিল্লী আদিৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল ৷

অসমৰ নগাঁৱৰ পৰা ভাস্বত জ্ঞান কলিতাই দ্বিতীয় শ্ৰেণীৰ শাখাত অংশগ্ৰহণ কৰিছিল ৷ প্ৰতিযোগিতা খনিৰ ফলাফল বুধবাৰে ঘোষনা কৰে বেগালুৰুৰ পৰা ৷ ভাস্বত জ্ঞান কলিতাৰ এই সফলতাত আনন্দিত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে সকলো প্ৰশিক্ষক ৷ নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ দ্বিত্বীয় মানৰ ছাত্ৰ ভাস্বত জ্ঞান কলিতা পুৰণিগুদাম নাম পানী গাঁৱৰ পৰিজ্ঞান কলিতা আৰু মিতালী শইকীয়াৰ পুত্ৰ ৷

আৰু পঢ়ক: বিজেপি ৰ'ল পিছপৰি! দিল্লী পৌৰ নিৰ্বাচনত পুনৰ আপৰ জয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in