'আমাৰ ঘৰ'ত দীন বান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন

'আমাৰ ঘৰ'ত দীন বান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন

author-image
Asomiya Pratidin
New Update
'আমাৰ ঘৰ'ত দীন বান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন

'আমাৰ ঘৰ'ত দীন বান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন

ডিজিটেল ডেস্কঃ অসমৰ প্ৰথমগৰাকী মহিলা দণ্ডাধীশ দীন বান্ধবী শুচিব্ৰতা ৰায় চৌধুৰীৰ মৃত্যু দিৱস উপলক্ষে ২ ডিচেম্বৰ, শুকুৰবাৰে উত্তৰ পূব ভাৰতৰ প্ৰথমটো বৃদ্ধাৱাস, গুৱাহাটীৰ নাৰেঙ্গী অঞ্চলৰ পাথৰকুৱেৰীস্থি 'আমাৰ ঘৰ'ৰ চৌহদত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে, 'আমাৰ ঘৰ'ৰ অন্যতম প্ৰতিষ্ঠাতা আছিল শুচিব্ৰতা ৰায় চৌধুৰী।

Advertisment

এই সভাতেই শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তিও আমাৰ ঘৰ চৌহদত উন্মোচন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।

অম্বিকাগিৰী স্মাৰক ন্যাসৰ মুখ্য ন্যাসৰক্ষী তথা অম্বিকাগিৰী স্মাৰক ন্যাস সমিতিৰ কাৰ্যকৰী সভানেত্ৰী যুগব্ৰতা দত্তৰ সঞ্চালনাত অনুষ্ঠিত সভাত ন্যাসৰ অন্যতম ন্যাসৰক্ষী তথা সভাপতি বিশ্ব দত্তই সভাত উপস্থিত আটইকে আদৰণি জনায়। এই সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া গুৱাহাটী মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ কাবুল শইকীয়া, সমাজকৰ্মী মৃদুলা চহৰীয়া, নলবাৰীস্থিত সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দময়ন্তী দেৱী, আমাৰ ঘৰৰ আৱাসী ৰঞ্জিতা মেধিক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি এই ব্যক্তিসকলে প্ৰয়াত শুচিব্ৰতা ৰায় চৌধুৰীৰ চৰকাৰী চাকৰিৰ লগে লগে সামাজিক কৰ্তব্য পালনত তেওঁ ভূমিকাৰ বিষয়ে সভাত ব্যক্ত কৰে। উল্লেখযোগ্য যে, প্ৰয়াত দীন বান্ধবী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তিৰ নিৰ্মাণ ব্যয়ৰ দময়ন্তী দেৱী আৰু ৰঞ্জিতা মেধিয়ে দুই লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে এই সভাতেই ন্যাসৰ হৈ যুগব্ৰতা দত্তই দুয়োকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

নাৰেঙ্গীস্থিত অংকুৰ বিদ্যাপীঠৰ সমূহ শিক্ষয়িত্ৰীৰ সমবেত গীতেৰে প্ৰয়াত ৰায় চৌধুৰীৰ মৃত্যু দিৱসৰ শুভাৰম্ভ কৰা হয়। সভাত দুগৰাকী কিশোৰ জিতাক্ষৰ চক্ৰৱৰ্তী আৰু নিষ্ঠা বৰগোহাঁইৰ গীত পৰিৱেশনে উপস্থিত আটাইকে আপ্লুত কৰে।

ড০ জয়শ্ৰী বৰাই উপস্থিত আটাইলৈ শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানৰ আঁত ধৰে উদিতা ভাস্কৰ দত্ত আৰু অপৰাজিতা দত্তই।

ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাত আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস পালন...

শুচিব্ৰতা ৰায় চৌধুৰী আমাৰ ঘৰ