৮ জানুৱাৰীত কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন...

৮ জানুৱাৰীত কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন...
৮ জানুৱাৰীত কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন...

ডিজিটেল সংবাদ নগাঁও: অসম সাহিত্য সভাৰ এটি অন্যতম অংগ নগাঁও জিলা সাহিত্য সভাই বিভিন্ন পৰিক্ৰমাৰ মাজেৰে জিলা ৰূপত ১৯৭২ চনৰ ২০ আগষ্টত আত্মপ্ৰকাশ কৰিছিল৷ অবিভক্ত নগাঁও জিলাই সংবিধানিক নীতি আৰু সাংগঠনিকভাৱে সবলীকৰণৰ লক্ষ্যৰে ১৯৭৪ চনৰ ২০ জানুৱাৰীত কুঁজিদাহ উঃ মাঃ বিদ্যালয়ত প্ৰথম অধিৱেশন অনুষ্ঠিত কৰাৰ পাছৰ পৰাই বিভিন্ন শাখাৰ আহ্বানত আজিকোপতি এই ধাৰা অব্যাহত ৰাখিছে৷

এইবেলিও কপিলী-নিশাৰী-বৰপানী নৈৰে পৰিৱেষ্টিত, অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান তথা বিষ্ণুপুৰী, ৰত্নাৱলী, মাধৱপাৰা থানৰ ধৰ্মীয় সুবাসেৰে ধন্য ঐতিহ্যমণ্ডিত কামপুৰতে শতদলীয় কামপুৰ শাখা সাহিত্য সভাৰ আহ্বানত জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম‌ দ্বি-বাৰ্ষিক পূৰ্ণাংগ কামপুৰ অধিৱেশনখনি ৮ জানুৱাৰীত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত মনেশ্বৰ বৰা ক্ষেত্ৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব৷

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই জানিবলৈ দিয়া অনুসৰি অনুসৰি কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ মনেশ্বৰ বৰা ক্ষেত্ৰত ৫০ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰসমূহ কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব৷ এই অনুষ্ঠানৰ মূল পতাকাখন উত্তোলন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই৷

ইয়াৰ পিচতে কামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথে শ্বহীদ তৰ্পণ কৰাৰ লগে লগেই কামপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী লাৱণ্য বৰঠাকুৰে ৫০ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰিব৷ ইয়াৰ পিচতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু কামপুৰ শাখা সাহিত্য সভা ভৱনত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব৷

অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই এই প্ৰতিনিধি সভা উদ্বোধন কৰিব৷ ইয়াৰ লগে লগে মনেশ্বৰ বৰা ক্ষেত্ৰত বিশিষ্ট কবি দুলাল চন্দ্ৰ দাসৰ সঞ্চালনাত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হ'ব৷ এই অনুষ্ঠানৰ পিচতেই স্বৰাজ ভৱন প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হ'ব৷

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হ'ব লগা এই মুকলি সভাত হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ শইকীয়া, মৰিগাঁ‌ও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ বৰঠাকুৰ, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সম্পাদকদ্বয় পিনাকীভূষণ মহন্ত, বিৰাজ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

আনহাতে, কামপুৰ শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘কপিলী’ উন্মোচন কৰাৰ লগতে জিলাৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ উক্ত সভাতে উন্মোচন কৰা হ'ব৷ গ্ৰন্থ উন্মোচক হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰতিমোহন নাথ, নিত্যানন্দ বৰা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপেন চন্দ্ৰ বৰা, শৰৎ চন্দ্ৰ শইকীয়া আৰু যতীন্দ্ৰ নাথ সুত উপস্থিত থাকিব৷

এই মুকলি সভাতে গৱেষক পণ্ডিত ড॰ নৰেন কলিতাক ‘তত্ত্ব প্ৰভাকৰ’, চিন্তাশীল লেখক উপেন্দ্ৰ বৰকটকীক ‘সাহিত্য প্ৰভাকৰ’ আৰু শ্ৰদ্ধাৰ সুধাময় দাসক ‘বাগ্মী প্ৰভাকৰ’ উপাধি প্ৰদান কৰাৰ লগতে শোণিতপুৰৰ বিশিষ্ট গৱেষক তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সতীশ চন্দ্ৰ ভট্টাচাৰ্যক ২০২০-২৩ বৰ্ষৰ তিলক চন্দ্ৰ শৰ্মা স্মাৰক ‘ড॰ সূৰ্য কুমাৰ ভূঞা বঁটা’ আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক গুণীন হাজৰিকাক ‘নগাঁও জিলা সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব৷

ইয়াৰোপৰি জিলা সভাপতিৰ বিশেষ বঁ‌টা, জিলা সভাৰ ৮ টা বিশেষ বঁটা প্ৰদান কৰা সভাখনতে ৰেৱতীমোহন সাহা সোঁৱৰণি ‘মোহন দাস সমন্বয় বঁটা’ প্ৰদান কৰা হ’ব৷ নগাঁও জিলা সাহিত্য সভাই কামপুৰ অধিৱেশনৰ সমূহ কাৰ্যসূচীত সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে৷

ক্লিক কৰি পঢ়কঃ কেবিনেট সিদ্ধান্তঃ গুৱাহাটীৰ সকলো বিভাগীয় সঞ্চালকালয় আহিব এটা কমপ্লেক্সৰ ভিতৰলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in