/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a473cde7-38c7-4dc4-bf0b-1b9f905315e6/cabinet.jpg)
কেবিনেট সিদ্ধান্তঃ গুৱাহাটীৰ সকলো বিভাগীয় সঞ্চালকালয় আহিব এটা কমপ্লেক্সৰ ভিতৰলৈ...
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা ৪ জানুৱাৰী ২০২৩, বুধবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যাতায়ত ব্যৱস্থা উন্নীতকৰণ, চহৰ গেছ বিতৰণ নীতি, সংহত সঞ্চালকালয় কমপ্লেক্স, ভূমিজনিত সমস্যাৰ নিষ্পত্তি আৰু শিশুকালৰ প্ৰাথমিক শিক্ষা আৰু যত্নৰ বিষয়ত গ্ৰহণ কৰা হৈছে সিদ্ধান্তসমূহ।
আজিৰ কেবিনেটে যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ ভিতৰত আছে যান-জঁটৰ সমস্যা হ্ৰাস। এই সমস্যা হ্ৰাসৰ বাবে ৯টা প্ৰকল্পৰ কনছালটেন্সী ছাৰ্ভিচৰ বাবে মনোনয়নৰ ভিত্তিত ২৪.৫৭ কোটি টকাত ৰাইটছ লিমিটেডক দায়িত্ব প্ৰদান।
এই ৯ টা প্ৰকল্প হৈছে ক্ৰমে- বিতং প্রকল্প প্রতিবেদন প্রস্তুতকৰণ, শিলচৰত তাৰাপুৰ-শিৱবাৰীৰ ওচৰত পথ, গুৱাহাটীৰ জি এছ ৰোডৰ ডাউনটাউন হস্পিটেলৰ সমীপত উৰণ সেতু, গুৱাহাটীৰ আৰ কে চৌধুৰী ৰোডৰ ফটাশিল চাৰিআলিত উৰণ সেতু, গুৱাহাটীৰ জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ সমীপত উৰণ সেতু, গুৱাহাটীৰ গৰলৰ পৰা পলাশবাৰীলৈ (প্রায় ৭.৫ কিঃমিঃ) অসম ট্রাংক ৰোডৰ উন্নয়ন, ৰাণী-কইনাধৰা পথৰ দীপৰ বিলৰ সীমাত আজাৰা আৰু কামাখ্যা ৰে'লপথৰ সমান্তৰালভাৱে অৱস্থিত ৭টা হাতীৰ কৰিড'ৰত আণ্ডাৰপাছ নিৰ্মাণ আৰু শ্বহীদ স্মাৰক আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে ২টা এলিভেটেড পথ নির্মাণ।
আনহাতে কেবিনেটে সম্ভাৱনীয়তাৰ সন্দৰ্ভত অধ্যয়নৰ বাবে শিলচৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামনগৰৰ পৰা ট্রাংক ৰোডলৈ (আৰ আৰ এন এম ইউ বিল্ডিঙৰ ওচৰত) এলিভেটেড পথ, শিলচৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাংগিৰখাৰী কেপিটেল পইণ্টৰ পৰা চাৰ্কুলাৰ পইণ্টলৈ এলিভেটেড পথ নিৰ্ধাৰণ কৰিছে।
চহৰ গেছ বিতৰণৰ নীতিৰ ওপৰতো কেবিনেটে গ্ৰহণ কৰিছে কেটবোৰ সিদ্ধান্ত। সেই অনুসৰি চহৰ গেছ বিতৰণ (চি জি ডি) নেটৱৰ্কৰ প্ৰসাৰৰ বাবে অসম চহৰ গেছ বিতৰণ নীতি ২০২২ত অনুমোদন জনাইছে।
ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে-
-
সেৱা প্রদানকাৰীক আবণ্টিত ভৌগোলিক অঞ্চলত চি জি ডি নেটৱৰ্ক স্থাপন, কার্যকৰীকৰণ আৰু নিয়ন্ত্ৰণৰ বাবে অনুমোদন।
-
চি জি ডি পাইপলাইন স্থাপনৰ বাবে বিভিন্ন অনুমতি লাভৰ বাবে পদ্ধতিগত আৰু সময় নির্ধাৰিত প্ৰক্ৰিয়া সুনিশ্চিতকৰণ।
-
চি জি ডি পাইপলাইন স্থাপনৰ পাছত নিৰৱচ্ছিন্ন আৰু পদ্ধতিগত পথ পুনৰুদ্ধাৰৰ বাবে বিশদ এছ অ' পি।
-
চি জি এছ, জিলা নিয়ন্ত্রণ কেন্দ্র, টি অ' পি, এছ ভি এছ আৰু চি এন জি ষ্টেচনৰ বাবে আবেদনৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলে ৩০ দিনৰ ভিতৰত আপত্তিবিহীন প্রমাণপত্র (এন অ' চি) প্ৰদান কৰিব।
-
নগৰ অঞ্চলৰ মাষ্টাৰ প্লেনিঙৰ সময়ত পাইপলাইন আৰু চি এন জি ষ্টেচনৰ লেণ্ড বেংকৰ বাবে ব্যৱহাৰিক কৰিড'ৰ স্থাপন।
-
পৌৰসভাৰ সংস্থাসমূহৰ দ্বাৰা নিজ নিজ চহৰ নগৰৰ সীমাৰ ভিতৰত চি এন জি ষ্টেচনসমূহৰ নিয়ন্ত্রণকে ধৰি একক বাণিজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে নিয়ম জাৰি।
-
সমন্বয়ৰক্ষী বিষয়া, নিৰীক্ষণ সমিতি আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰে নীতিৰ নিৰৱচ্ছিন্ন ৰূপায়ণ সুনিশ্চিতকৰণ।
আনহাতে আজিৰ কেবিনেটে গুৱাহাটী মহানগৰীত সংহত সঞ্চালকালয় কমপ্লেক্স নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। যি সিদ্ধান্ত সৰ্বসাধাৰণৰ বাবে অতি উপযোগী বুলি বিবেচিত হৈছে।
কেবিনেট সিদ্ধান্ত অনুসৰি গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নির্মাণ কৰা হ'ব। ইয়াৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰীত অৱস্থিত সকলো সঞ্চালকালয় এটা কমপ্লেক্সৰ অন্তৰ্ভুক্ত হ’ব।
এই কমপ্লেক্সে ৰাইজক সেৱা প্ৰদানৰ প্ৰণালীটো সুশৃংখলিত কৰাৰ লগতে বিভিন্ন সঞ্চালকালয়ৰ মাজত উন্নত আন্তঃসংযোগ সুনিশ্চিত কৰিব বুলি কোৱা হৈছে।
ইয়াৰোপৰি ভূমিজনিত সমস্যাৰ নিষ্পত্তিৰ বাবেও অসম চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰিছে কেইবাটাও সিদ্ধান্ত। সেই অনুসৰি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চিলা সিন্ধুৰী ঘোপা মৌজাৰ অধীনৰ চিলা গ্ৰাণ্টৰ ২৫টা পৰিয়ালক ভূমিৰ প্ৰিমিয়াম প্ৰতি কঠাত ১০০০ টকালৈ শিথিলতাৰে ৫ বিঘা ১ কঠা আৰু ৩ লেচা ভূমি প্ৰদান কৰা হ'ব।
শিশুকালৰ প্ৰাথমিক শিক্ষা আৰু যত্নৰ বাবে গ্ৰহণ কৰা আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি বুনিয়াদী শিক্ষা আৰু প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা (ECCE)ৰ সামগ্রিক লক্ষ্যত উপনীত হ'বলৈ মৌলিক শিক্ষণ।
ই হৈছে ৩৮ বছৰ বয়সৰ শিশুক সামৰি অংগনৱাড়ীৰ ৩টা পৰ্যায় তথা প্রাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্রেণীত দুবছৰৰ গ্রেডেড শৈক্ষিক কার্যকলাপৰ মাজত শৈক্ষিক আৰু শিকন কাৰ্যকলাপৰ সংহতমূলক এক পর্যায়।
At the #AssamCabinet meeting, we took several decisions regarding foundational learning in early childhood, setting up an integrated directorate complex, approval to Assam City Gas Distribution Policy 2022, land settlement, etc. pic.twitter.com/21Yrs5A9qS
— Himanta Biswa Sarma (@himantabiswa) January 4, 2023
ক্লিক কৰি পঢ়কঃ ইচ্ছা থাকিলেও নগাঁৱত খাব নোৱাৰি ছাগলীৰ মাংস ! বন্ধ সকলো দোকান...