নগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ চলাই আছে
দুই ড্ৰাগছ সৰবৰাহকাৰী
দুই ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত গ্ৰেপ্তাৰ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ গোপন সুত্ৰৰ পম খেদি নগাঁও চহৰৰ কাতিমাৰী গ্ৰান্টত আৰক্ষী আৰু চি আৰ পি এফে চলাই অভিযান ৷

দেওবাৰে নিশা চলোৱা এই অভিযানত ৰাতুল হুছেইন (২১) আৰু ৰছিদুল ইছলাম (২৩)ক গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰী ৰাতুলৰ আৰু ৰছিদুলৰ ঘৰ কাতিমাৰীত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

অভিযানকালত আৰক্ষীয়ে সৰবৰাহকাৰীৰ জিম্মাৰ পৰা এক চাবোনৰ বক্স হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ দুয়োগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ চলাই আছে ৷

আৰু পঢ়কঃ ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ অৰুণ গোৱেলৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in