ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ অৰুণ গোৱেলৰ...

অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া অৰুণ গোৱেলে সোমবাৰে ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ অৰুণ গোৱেলৰ...

Arun Goel

ডিজিটেল ডেস্ক : অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া অৰুণ গোৱেলে সোমবাৰে ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৮৫ চনৰ বেচৰ পঞ্জাৱ কেডাৰৰ এজন প্ৰাক্তন আই.এ.এছ বিষয়া অৰুণ গোৱেলক শনিবাৰে নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মূৱে মন্ত্ৰালয়ে গোৱেলক নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা আইন আৰু ন্যায় বিষয়ে জাননীৰ জৰিয়তে প্ৰকাশ কৰিছিল।

Advertisment

উল্লেখ্য যে অৰুণ গোৱেলে শুকুৰবাৰে হেভি ইণ্ডাষ্ট্ৰিজৰ সচিব পদৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল। লক্ষণীয়ভাৱে, এই বছৰৰ মে' মাহত তদানীন্তন নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব লোৱাৰ পিছত তৃতীয় নিৰ্বাচনী আয়ুক্তৰ পদটো খালী হৈ আছিল। তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ সৈতে নিৰ্বাচন আয়োগত যোগদান কৰিব।

আৰু পঢ়ক : ঢকুৱাখনাৰ উদীয়মান সাংস্কৃতিক কৰ্মী বিনোদ চুতীয়াৰ বিয়োগ...

Election Commissioner india