/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c03665c7-34ee-47e1-aa02-abeea6ffa793/koka.jpg)
জীৱন চন্দ্ৰ বৰাৰ দেহাৱসান
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী প্ৰবীণ সমাজপ্ৰাণ ব্যক্তি , ঢকুৱাখনা ডাক বিভাগৰ প্ৰাক্তন অভাৰচিয়াৰ , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক জীৱন চন্দ্ৰ বৰা সোমবাৰে পুৱতি নিশা বৈকুণ্ঠগামী হয়। ঢকুৱাখনাৰ জীয়ামৰিয়া গাঁও নিবাসী বৰা দীৰ্ঘ দিন ধৰি বাৰ্ধক্যজনিত আৰু স্বাস্থ্যজনিত কাৰণত স্বগৃহত শয্যাশায়ী হৈ আছিল ।
প্ৰায় ৯৬ বছৰীয়া প্ৰবীণ সমাজ হিতৈষী বৰাৰ দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰৱৰ্তী সময়ত সোমবাৰে পুৱতি নিশা প্ৰায় ২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতীয় ডাক বিভাগত কৰ্মৰত বৰাই শাৰীৰিক অসুস্থতাৰ বাবে ১৯৯৮ চনত চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিভিন্ন সামাজিক আৰু আধ্যাত্মিক কামত আত্মনিয়োগ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক, ধৰ্মপ্ৰাণ বৰাৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে।
বৰাই দুগৰাকী পুত্ৰ ,৬ গৰাকী কন্যাসহ অগণন ইষ্ট কুটুম্ব, গুণগ্ৰাহীক এৰি থৈ যায়। বৰ্ষীয়ান ব্যক্তিগৰাকীৰ পৰলোকগামী হোৱাৰ খবৰ পাই অজস্ৰ গুণমুগ্ধই গৃহত উপস্থিত হৈ শেষ শ্রদ্ধাঞ্জলি জনাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু গায়ন বায়নেৰে শেষকৃত্য সম্পন্ন কৰে ।
আৰু পঢ়কঃ পিয়লিখাটাত পথ দুৰ্ঘটনা